চূড়ান্ত NRC প্ৰকাশৰ পাছত বিধেয়ক অথবা অধ্যাদেশৰ জাৰি কৰিব পাৰে চৰকাৰে। এখন শুদ্ধ NRCৰ স্বাৰ্থত প্ৰয়োজনবোধে সকলো কাৰ্যব্যৱস্থা হাতত ল’ব ৰাজ্য চৰকাৰে। চূড়ান্ত NRC প্ৰকাশলৈ মাজত মাত্ৰ ১০টা দিন থকাৰ সময়তে সোমবাৰে নতুন দিল্লীত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে NRCৰ ওপৰত প্ৰশ্ন তুলিবলৈ সকলোৰে অধিকাৰ আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।