কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নাই, ৰাজ্যসভাৰ পৰাহে পদত্যাগ কৰিছে ভুৱনেশ্বৰ কলিতাই। এই কথা ভুৱনেশ্বৰ কলিতাই নিজেই স্পষ্ট কৰিলে NEWS18ৰ আগত। ৰাজ্যসভাৰ সদস্য পদ এৰাৰ বহুকেইটা কাৰণ আছে আৰু এই সকলোবোৰ অতি শীঘ্ৰেই সংবাদমেল পাতি জনাব বুলি কোৱাৰ লগতে কয় যে মই দফা ৩৭০ প্ৰত্যাহাৰৰ সমৰ্থনত দলত্যাগ কৰাৰ বাতৰি সম্পূৰ্ণ ভিত্তিহীন; মই তেনে কোনো পত্ৰ বিতৰণ কৰা নাই।