ওৰাঙত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন ৰৈ থকা ট্ৰাকত বিবাহযাত্ৰীৰ বাহনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ৮জন লোক। তেজপুৰৰ পৰা বাইহাটা চাৰিআলিত বিয়া খাবলৈ আহিছিল বিবাহযাত্ৰীৰ দলটো। বিয়া খাই তেজপুৰলৈ উভতি যোৱাৰ পথত গেলাবিলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।