Zubeen Garg

Zubeen Garg

নামেই যাৰ পৰিচয়! লাখ–কোটি অসমীয়াৰ হিয়াৰ আমঠু অসমৰ জুবিন গাৰ্গ দেশৰ সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী তথা সংগীতকাৰ। তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা হিচাপেও নিজৰ দক্ষতা প্ৰকাশ কৰিছে। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাৰ অসংখ্য গীতত তেওঁ‌ কণ্ঠদান কৰিছে। ১৯৯২ চনত জুবিনৰ প্ৰথমটো অসমীয়া এলবাম অনামিকা মুক্তি পায়। এয়াই আছিল আৰম্ভনি। এটাৰ পিছত আন এটা এলবামেৰে জুবিন অসমৰ সংগীত জগতৰ এটা ‘কাল্ট’ জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ। কম সময়তে যিকোনো বাদ্যৰ কৌশল আয়ত্ব কৰি প্ৰতিভা প্ৰদৰ্শনত জুবিন অদ্বিতীয়। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। ইয়াৰ পিছত হিন্দীৰ ‘য়া আলি’ গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰে। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়। ২০২১ চনত তেওঁলৈ প্ৰথম চুকাফা বঁটা আগ‍বঢ়োৱা হয়। ব্যক্তিগত জীৱনঃ ১৯৭২চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী. এম. বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ। জুবিনৰ প্ৰকৃত নাম জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামেৰে জুবিনৰ নাম ৰখা হৈছিল আৰু গোত্ৰৰ নামটো তেওঁ‌ উপাধি হিচাপে ব্যৱহাৰ কৰে। জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল আৰু চাকৰি জীৱনৰ প্ৰথমছোৱাত সঘনাই ইঠাই-সিঠাইলৈ বদলি হ'বলগীয়া হৈছিল। স়েয়েহে কণমানি জুবিনৰ ল'ৰালিকালছোৱা বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা। জুবিনৰ পিতৃয়ে কপিল ঠাকুৰৰ নামেৰে লিখা–মেলা কৰাৰ বিপৰীতে মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপি তেওঁ নিজৰ প্ৰতিভাক পেছা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ‌ কণমানি জুবিনক ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী: জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল।দূৰ্ভাগ্যজনকভাৱে ২০০২ চনত তেজপুৰত ঘটা এটা শোকাৱহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়।ইয়াৰ পিছতে জুবিনে জংকিৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে। আনগৰাকী ভগ্নী পাল্মী ভাৰত নাট্যম নৃত্যশিল্পী। ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

Zubeen Garg - All Results

    No stories found matching this criteria

 

এতিয়া LIVE

    শেহতীয়া বাতৰি