weather forecast

Weather Forecast

বতৰৰ বতৰা (Weather Forecast) আমি সততে বতৰৰ আগলি-বতৰা কাকত আৰু টি.ভি.ৰ বাতৰিত পাওঁ৷ বহুসময়ত পিছে এই আগলি-বতৰা বিলাক আচল বতৰৰ স’তে অমিল হোৱা দেখা যায়৷ আচলতে, বতৰৰ পূৰ্বানুমানৰ বাবে কিছুমান জটিল গাণিতীক পদ্ধতি ব্যৱহাৰ কৰা হয়৷ সূৰ্য্যৰ তাপ, পৃথিৱীৰ ঘূৰ্ণন, মাধ্যাকৰ্ষণ, বায়ুকণাৰ পৰস্পৰৰ ঘৰ্ষণ আদিৰ প্ৰভাৱত বায়ুমণ্ডলত অৱস্থাৰ অহৰহ পৰিৱৰ্তন ঘটি থাকে৷ বায়ুকণাৰ গতিৰ ফলত বায়ুমণ্ডল বৰ্তমান কেনে অৱস্থাতে আছে; বৰ্তমান অৱস্থাত কোনো স্থানত বায়ুৰ বেগ আৰু বায়ুৰ গতিৰ দিশৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই সেই স্থানত বা আন স্থানত ভৱিষ্যতে কেনে প্ৰভাৱ পেলাব তাক বিশ্লেষণ কৰি নিৰ্ণয় কৰাটোৱেই হ’ল বতৰৰ আগলি-বতৰা উলিওৱা৷ উষ্ণতা, ঘনত্ব, চাপ, আৰ্দ্ৰতা, বিভিন্ন অক্ষাংশত বায়ুৰ গতিৰ প্ৰকৃতি ইত্যাদি বহুকেইটা কাৰকৰ (চলকৰ) তাৰতম্যই ইয়াত ক্ৰিয়া কৰে৷ এইসমূহৰ বিভিন্ন মান তালিকাভুক্ত কৰি প্ৰয়োজন-সাপেক্ষে উপস্থাপন কৰা, ইয়াৰ এটা কাৰকৰ ওপৰত আন এটা কাৰকে কি প্ৰভাৱ পেলাই তাক সমীকৰণভুক্ত কৰা, পৰ্যবেক্ষণ কৰা, বিভিন্ন অক্ষাংশত এইবোৰৰ তাৰতম্য নিৰ্ণয় কৰা আদি কামত গণিত-বিজ্ঞানৰ বিভিন্ন শাখা, যেনে, স্থানাংক-জ্যামিতি, সাংখ্যিক বিশ্লেষণ, আংশিক অৱকলজ সমীকৰণ, তাপগতিবিজ্ঞান আদি ব্যৱহাৰ হয়৷ বৰ্তমানৰ অৱস্থা এটাৰ ভিত্তিত ভৱিষ্যতৰ অৱস্থা এটা নিৰ্ণয় কৰিবলৈ সাধাৰণতে এই চলকসমূহৰ পৰস্পৰৰ সম্পৰ্ক প্ৰকাশক সাতটা সমীকৰণ লোৱা হয়৷ অতি সাধাৰণভাৱে ক’বলৈ গ’লে, বতৰৰ বিশ্লেষণটো হৈছে এটা ত্ৰিমাত্ৰীক অৱস্থাৰ বিশ্লেষণ— কোনো এটা স্থান বাচি লওঁতে তাৰ অনুভূমিক দৈৰ্ঘ্য, প্ৰস্থ আৰু বিভিন্ন উচ্চতালৈকে বায়ুৰ গতিৰ কথা বিবেচনা কৰিব লগা হয়৷ গতিকে নিৰ্দিষ্ট এটা দিশে বায়ুৰ গতি নিৰ্ণয় কৰিবলৈ যাওঁতে সমীকৰণবোৰত আংশিক অৱকলজ জড়িত হৈ পৰে৷ বতৰ পূৰ্বানুমানত গাণিতীক আৰ্হি ব্যৱহাৰৰ বাটকটীয়া হ’ল লুইছ ফ্ৰাই ৰিচাৰ্ডছন৷ একাধাৰে গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, বতৰবিজ্ঞানী আৰু মনোবিজ্ঞানী লুইছ ফ্ৰাই ৰিচাৰ্ডছন ৰয়েল চছাইটিৰ সদস্য (FRS) ৰূপেও নিৰ্বাচিত হৈছিল৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁ যেতিয়া গাণিতিক পদ্ধতি ব্যৱহাৰ কৰিছিল, তেতিয়া মাথোঁ ৬ ঘণ্টাৰ পিছৰ বতৰৰ অগজাননীৰ বাবে আংশিক অৱকল সমীকৰণসমূহ হাতেৰে সমাধান কৰিবলৈ সময় লাগিছিল প্ৰায় ছয় সপ্তাহ; আৰু সেইয়াও সম্পূৰ্ণ সঠিক নাছিল৷ আধুনিক কম্পিউটাৰ তথা চুপাৰ কম্পিউটাৰৰ ব্যৱহাৰে এইসমূহ বহু সহজ কৰি তুলিছে, যাৰ বাবে আজিৰ পৰা বিশ বছৰৰ আগতে ৫ দিনৰ পূৰ্বানুমান যিমান সঠিক আছিল তেনেদৰে আজি ৭ দিনৰ পূৰ্বানুমান সঠিক হৈ উঠিছে বুলি কোৱা হয়; কিন্তু বহু সমস্যা তথা সমীকৰণ এতিয়াও সমাধানহীন হৈয়ে থকা বাবে এইখিনিও সম্পূৰ্ণ সঠিক হৈ উঠা নাই৷ বতৰৰ ভৱিষ্যত অৱস্থা নিৰ্ণয় কৰিবলৈ, অৰ্থাৎ সমীকৰণসমূহ সমাধান কৰিবলৈ বৰ্তমান অৱস্থাটোক আদি চৰ্ত (initial condition) হিচাপে লোৱা হয়৷ এই উদ্দেশ্যে বিভিন্ন স্থানত বিভিন্ন উচ্চতাত আৰ্দ্ৰতা, উষ্ণতা, চাপ আদি নিৰ্ণয় কৰিবলৈ দৈনন্দিন যি পৰ্যবেক্ষণ কৰা হয় সেইয়া আজিও সম্পূৰ্ণ নিখুঁত হৈ উঠা নাই৷ এই পৰ্যবেক্ষণ প্ৰক্ৰিয়াসমূহ অত্যন্ত খৰচি আৰু বৰ্তমানো ইয়াত মানুহ জড়িত থাকিব লগা হয়৷ সেয়েহে বৰ্তমান বিশ্বজুৰি কেইবাহাজাৰ এনে পৰ্যবেক্ষণ-আস্থান আছে যদিও ইয়াৰ অৰ্ধাংশই জনবসতি অঞ্চলতহে স্থাপিত৷ কিন্তু পৃথিৱীৰ প্ৰায় ৭২ শতাংশ অংশ পানীৰে আবৰি আছে, আৰু ইয়াৰে প্ৰায় ৯৭ শতাংশই মহাসাগৰত পৰে৷ তদুপৰি এই কেন্দ্ৰসমূহৰ কিছু সংখ্যকৰ তথ্যহে উচ্চ-মানদণ্ডৰ বুলি বিবেচিত৷ মহাসাগৰীয় অঞ্চলৰ বায়ুমণ্ডলৰ তথ্যৰ বাবে সীমিত পৰিমাণে হ’লেও বৰ্তমান কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হৈছে যদিও আৰ্দ্ৰতা আৰু ডাৱৰৰ আৱৰণে এইসমূহৰো তথ্য সঠিক নোহোৱাত প্ৰভাৱ পেলাই আছে৷ গতিকে, সঠিক তথ্য আহৰণৰ বাবে এতিয়াও বহু যান্ত্ৰিক দুৰ্বলতা দূৰ কৰিবলৈ বাকী আছে৷ আৰু কেৱল কিছু সংখ্যক স্থানৰ তথ্যৰেই বতৰৰ আগলি-বতৰা সঠিককৈ নিৰ্ণয় কৰিব পৰা নাযায়; তাৰ বাবে পৰ্যবেক্ষিত স্থানৰ সংখ্যা অধিক হ’ব লাগিব৷ তদুপৰি পৰ্যবেক্ষণ ব্যৱস্থা যেতিয়া উন্নত হৈ গৈ থাকিব তেতিয়া যথেষ্ট সঠিক আৰু পৰ্যাপ্ত পৰিমাণৰ প্ৰাৰম্ভিক তথ্য লৈ পিছৰ গণনাসমূহ কৰিবৰ বাবে কম্পিউটাৰৰো বহু উৎকৰ্য সাধন হ’ব লাগিব৷ আকৌ, এই পৰ্যবেক্ষণসমূহ অহৰহ (continuously) কৰা নহয়, নিৰ্দিষ্ট সময় একোটাৰ ব্যৱধানতহে নিয়মীয়াকৈ লোৱা হয়৷ ফলত, নিৰ্ভৰ কৰিব পৰা বহু তথ্য সেই সুৰুঙাত থাকি যায়৷ এই সমস্যাসমূহৰ উপৰি আন বহু সমস্যাও বতৰৰ আগজাননী দিয়া প্ৰক্ৰিয়াত আছে৷ ব্যৱহৃত সমীকৰণসমূহ সূত্ৰবদ্ধ কৰোঁতে কিছুমান ত্ৰুটি ৰৈ গৈছে৷ কাৰণ, এইসমূহ নূন্যাধিক (approximate) মান লৈহে সূত্ৰবদ্ধ কৰা হৈছে৷ আনহাতে, কিছুমান কাৰক এই ব্যৱহৃত সমীকৰণসমূহত অন্তৰ্ভুক্ত হোৱাই নাই৷ উদাহৰণস্বৰূপে, অ’জন আৰু ধূলিৰ পৰিমাণে বায়ুমণ্ডলৰ অৱস্থাত প্ৰভাৱ পেলায়; কিন্তু এই সমীকৰণসমূহে ইহঁতক অন্তৰ্ভুক্ত কৰিব পৰা নাই৷ (মূল লেখাঃ https://as.vikaspedia.in/education/it-literacy/9ac9a49f09f0-9869979b29bf-9ac9a49f09be-9b89ae9cd9aa9c29f09cd9a3-9b89a09bf995-9a89b99f19be9f0-9959bf99b9c1-9959be9f09a3-9869f09c1-9b99f19be9f0-9b89ae9cd9ad9be9f19a89be)

Weather Forecast - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি