Tarun Gogoi

Tarun Gogoi

প্ৰয়াত তৰুণ গগৈ হৈছে অসমৰ সবাতোকৈ দীৰ্ঘকালীন সময়ৰ বাবে শাসনাধিস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা আছিল। তেওঁৰ দলে অভিলেখসহ একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰে। ২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লয়। ২০০১ চনৰ ১৭ মে' তাৰিখে তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত ২০০৬ আৰু ২০১১ চনত তিতাবৰ সমষ্টিৰ পৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। ২০২০ চনৰ ২৩ নৱেম্বৰ তাৰিখে ক'ভিডৰ উত্তৰকালীন সমস্যা আৰু শৰীৰৰ একাধিক অংগ অচল হৈ পৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গগৈৰ দেহাৱসান ঘটে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত এটা আহোম পৰিয়ালত তৰুণ গগৈৰ জন্ম হয়। গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ আসাম বাৰ কাউন্সিল (Assam Bar Council)ত এজন অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলে। তেওঁ Assam Small-Scale Industries Development Corporationৰ চেয়াৰমেন পদটো অধিষ্ঠিত আছিল। ১৯৭২ চনত তেওঁ ডলী গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান আছে। তৰুণ গগৈ ছবাৰকৈ ভাৰতৰ লোকসভালৈ সাংসদ হিচাবে নিৰ্বাচিত হৈছে। প্ৰথমতে তেওঁ ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাটৰ পৰা সাংসদ হিচাবে একেৰাহে পঞ্চম, ষষ্ঠ আৰু সপ্তম লোক সভালৈ নিৰ্বাচিত হয়। পাছত তেওঁ কলিয়াবৰৰ পৰা দশম লোক সভা (১৯৯১-১৯৯৬)লৈ হিচাবে নিৰ্বাচিত হয়।[ ইয়াৰ পিছত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত দ্বাদশ আৰু ১৯৯৯ চনত ত্ৰয়োদশ লোকসভা (১৯৯৮-২০০২)লৈ সাংসদ হিচাবে নিৰ্বাচিত হয়। তেওঁৰ পিছত কলিয়াবৰ সমষ্টিৰ সাংসদ তেওঁৰ কনিষ্ঠ ভাতৃ দীপ গগৈ। বৰ্তমান তেওঁৰ পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰ লোকসভাৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি আছে। (উৎসঃৱিকিপেডিয়া)

Tarun Gogoi - All Results

    No stories found matching this criteria

 

এতিয়া LIVE

    শেহতীয়া বাতৰি