Sushmita Dev

Sushmita Dev

সুস্মিতা দেৱ (জন্ম ২৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী ৰাজনীতিবিদ আৰু পশ্চিম বংগৰ ৰাজ্যসভাৰ সদস্য, তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অসমৰ শিলচৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি। তেওঁ ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ড০ ৰাজদীপ ৰয়ৰ হাতত ৮১৫৯৬ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত হৈছিল। তেওঁ ২০২১ চনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত বিনা প্ৰতিদ্বন্দ্বিতাৰে তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী হিচাপে সুস্মিতা দেৱ ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হয়। তেওঁক পশ্চিম বংগৰ পৰা ৰাজ্যসভালৈ সাংসদ ৰূপে প্ৰক্ষেপ কৰে তৃণমূল কংগ্ৰেছে। আনহাতে দেৱৰ বিৰুদ্ধে বিজেপিয়ে কোনো প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল। গতিকে স্বাভাৱিকতে সুস্মিতা দেৱে বিৰোধিতা অবিহনে এই সহজ বিজয় লাভ কৰে। ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ পিছত সদনত থিয় হৈ সুস্মিতাই কয়, "সংসদত বিজেপিৰ বিৰোধিতা শক্তিশালীভাবে কৰা হ'ব। মই অসম, ত্ৰিপুৰা, বংগকে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিম।' তেওঁ পুনৰ কয়– "মই বংগ বিধানসভাত অসমৰ ছোৱালী হিচাপে নিৰ্বাচিত হৈছো। মই দীৰ্ঘদিন ধৰি তাত ৰাজনীতি কৰি আছোঁ। মই বংগৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈ আনন্দিত।" উল্লেখ্য যে জুলাইৰ শেষৰ ফালে সুস্মিতা দেৱে তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ পৃষ্ঠপোষকতাত তৃণমূলত যোগদান কৰে। বৰ্তমান তেওঁক ত্ৰিপুৰাত সংগঠনটো সম্প্ৰসাৰিত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ মাজতে তেওঁক মমতা বেনাৰ্জীয়ে ৰাজ্যসভালৈ প্ৰেৰণ কৰে। সুস্মিতা দেৱ হৈছে প্ৰবীণ বঙালী কংগ্ৰেছ নেতা সন্তোষ মোহন দেৱৰ কন্যা আৰু তেওঁৰ মাতৃ হৈছে অসম বিধানসভাৰ শিলচৰৰ এগৰাকী বিধায়ক বিথিকা দেৱ। সুস্মিতাৰ পিতৃ প্ৰাক্তন কেবিনেট মন্ত্ৰী আছিল। সুস্মিতা দেৱে দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউচৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এলএলবি (কৰ্পোৰেট আৰু বাণিজ্যিক আইন) তথা বাৰ-এট-ল ডিগ্ৰী লাভ কৰে। তেওঁ লণ্ডনৰ Inns of Courts School of Law আৰু London and King's College London নামভৰ্তি কৰিছিল। (উৎসঃ ৱিকিপেডিয়া)  

Sushmita Dev - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি