Sonu Sood

Sonu Sood

চনু সুদ এজন ভাৰতীয় অভিনেতা, মডেল আৰু প্ৰযোজক যি হিন্দী, তেলেগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কেইখনমান কানাড়া আৰু পাঞ্জাৱী চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ সামাজিক কামতো ওতঃপ্ৰোতঃভাৱে জৰিত। কোভিড-19 সময়ছোৱাত তেওঁৰ দ্বাৰা বহুলোক উপকৃত হৈছে। তেওঁ একমাত্ৰ অভিনেতা আছিল যিয়ে দৰিদ্ৰ লোকসকলক লাভান্বিত কৰিবলৈ তেওঁৰ সম্পত্তি বন্ধক ৰাখিছিল।

১৯৯৯ চনত সুদে তামিল ভাষাৰ চলচ্চিত্ৰ কাল্লাঝাগৰ আৰু নেজিনিলত অভিনয় কৰে। তাৰ পিছত তেওঁ ২০ চনত তেলেগু ছবি হেণ্ডচ আপত অভিনয় কৰিছিল। ২০০১ চনত তেওঁ মাজুনাত অভিনয় কৰে।

২০০২ চনত শ্বাহেদে ই আজমৰ চৰিত্ৰত অভিনয়কৰি হিন্দী চলচ্চিত্ৰত অভিনয়ৰ আৰম্ভণি কৰে। তেওঁ ২০০৪ চনত মণি ৰত্নমৰ যুৱ আৰু ২০০৫ চনত আশিক বনায়া আপনেত অভিনয় কৰিছিল।

২০০৯ চনত তেওঁ তেলেগু ব্লকবাষ্টাৰ অৰুন্ধতীত কৰা কামৰ বাবে শ্ৰেষ্ঠ খলনায়কৰ বাবে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক নন্দী বঁটা আৰু শ্ৰেষ্ঠ সহঅভিনেতাৰ ফিল্মফেয়াৰ বঁটা – তেলেগু বঁটা লাভ কৰে। ২০১০ চনত তেওঁ বলীউডৰ ছবি দাবাংত অভিনয়ৰ বাবে নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতাৰ অপ্সৰা বঁটা আৰু নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়ৰ বাবে আইফা বঁটা লাভ কৰে। ২০১২ চনত জুলাইত তেওঁৰ চৰিত্ৰৰ বাবে তেওঁ নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতাৰ (তেলেগু) এছআইআইএমএ বঁটা লাভ কৰে। সুদৰ অন্যান্য সফল কামবোৰৰ ভিতৰত আছে যুৱ (২০০৪), আথাদু (২০০৫), আশিক বনায়া আপনে (২০০৫), অশোক (২০০৬), যোধা আকবৰ (২০০৮), কান্দিৰেগা (২০১১), ডুকুডু (২০১১), শ্বুটআউট এট ৱাডালা (২০১৩), আৰ… ৰাজকুমাৰ (২০১৩), শুভ নৱবৰ্ষ (২০১৪), দেৱী (২০১৬), কুং ফু যোগা (২০১৭), চিম্বা (২০১৮), আৰু কুৰুক্ষেত্ৰ (২০১৯)। তেওঁ এপোলো টায়াৰআৰু এয়াৰটেলৰ বিজ্ঞাপনতো অভিনয় কৰিছিল।

জুলাই 2016-ত, তেওঁ প্ৰডাকচন হাউচ শক্তি সাগৰ প্ৰডাকচন স্থাপন কৰে, যিটোৰ নাম তেওঁৰ পিতৃ শক্তি সাগৰ সুদৰ নামেৰে ৰখা হয়। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত সুদ কভিড-১৯ মহামাৰীৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি)ৰ দ্বাৰা ‘চিডিজি বিশেষ মানৱীয় কাৰ্য বঁটা’ৰ বাবে নিৰ্বাচিত হৈছিল।

(উৎসঃৱিকিপেডিয়া)

Sonu Sood - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি