Saraswati Puja

Saraswati Puja

সৰস্বতী পূজা জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয়। দিনটীয়াকৈ পতা এই উৎসৱৰ আগবেলা পূজা অথবা নাম প্ৰসঙ্গই প্ৰাধান্য লাভ কৰে। ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ সাজপাৰ পিন্ধি তাত অংশগ্ৰহণ কৰে। পুস্পাঞ্জলি নিদিয়ালৈকে সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকল উপবাসে থাকে। পূজা অথবা নাম প্ৰসঙ্গ শেষ হোৱাৰ পাছত মাহ-প্ৰসাদ বিলোৱা হয়। তাৰপাছতে অতিথিসকলক চাহ, লুচি আদিৰে আপ্যায়ন কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে একেলগে প্ৰীতিভোজন কৰে। ৰাতিলৈ ছাত্ৰ-ছাত্ৰীসকলে নাটক, ভাওনা, বিচিত্ৰানুষ্ঠান, সঙ্গীতানুষ্ঠান আদিৰ ব্যৱস্থা কৰে। ইয়াৰ যোগেদি তেওঁলোকৰ সুকুমাৰ কলা বিকাশৰ সুবিধা হয়। পাছদিনা দেৱী বিসৰ্জনৰ দিন। দেৱীক ধূপধূনাৰে পূজা কৰি তেওঁৰ মূৰ্তি লৈ শোভাযাত্ৰা কৰে আৰু দেৱীৰ নামত বিভিন্ন ধ্বনি, গীত মাতেৰে তেওঁক কোনো জলাশয়ত বিসৰ্জন দি পূজাৰ সামৰণি মাৰে। আই গোসাঁনী সৰস্বতী (সংস্কৃত: सरस्वती) হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী।[1] তেখেত সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা।[2] সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগ্বেদত। বৈদিক যুগৰ পৰা আধুনিক যুগলৈকে তেখেতে হিন্দুধৰ্মৰ এক গুৰুত্বপূৰ্ণ দেৱী। হিন্দুসকলে বসন্তপঞ্চমী (মাঘ মাহৰ শুক্লাপঞ্চমী তিথি) তিথিত সৰস্বতী পূজা কৰে। বৌদ্ধ আৰু পশ্চিম আৰু মধ্য ভাৰতত জৈনসকলেও সৰস্বতীৰ পূজা কৰে। জ্ঞান, সংগীত আৰু শিল্পকলাৰ দেৱী হিচাপে ভাৰতৰ বাহিৰে জাপান, ভিয়েটনাম, বালি আৰু ম্যানমাৰতো সৰস্বতী পূজা কৰা হয়। হিন্দুধৰ্মৰ বাদে খ্ৰিষ্টীয় চতুৰ্থ-পঞ্চম শতিকাতে ৰচিত মহাযান বৌদ্ধ ধৰ্মগ্ৰন্থ মহাযান সূত্ৰটো সৰস্বতী দেৱীৰ উল্লেখ পোৱা যায়। পৌৰাণিক কাহিনীমতে স্কন্দপুৰাণ আৰু দেৱী ভাগৱত পুৰাণত দেৱী সৰস্বতীৰ বিষয়ে বৰ্ণনা আছে। (উৎসঃ অসমীয়া ৱিকিপেডিয়া)

Saraswati Puja - All Results

    No stories found matching this criteria

 

এতিয়া LIVE

    শেহতীয়া বাতৰি