Rohit sharma

Rohit Sharma

Rohit Sharma ৰোহিত গুৰুনাথ শৰ্মা বা ৰোহিত শৰ্মা (জন্ম ৩০ এপ্ৰিল ১৯৮৭) এজন ভাৰতীয় ক্ৰিকেটাৰ। সোঁহতীয়া বেট্‌ছমেন আৰু সোঁহতীয়া অনিয়মীয়া অফ-ব্ৰেক বলাৰজনে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ খেলে। ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত তেওঁ মুম্বাই ইণ্ডিয়ান্‌ছ দলৰ অধিনায়ক আৰু তেওঁ আই পি এলৰ সফলতম বেট্‌ছমেনসকলৰ এজন।

জানক কেৰিয়াৰঃ

২০০৭ চনত ২০ বছৰ বয়সতে শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰে আৰু খুব সোনকালেই তেওঁ ভাতীয় জাতীয় দলৰ এজন স্থায়ী সদস্য হৈ পৰে। এদিনীয়া ক্ৰিকেটত প্ৰথমে তেওঁ মিডল অৰ্ডাৰ স্থানত খেলিছিল যদিও ২০১৩ চনৰপৰা তেওঁ ভাৰতীয় দলৰ অ’পেনাৰ হিচাপে খেলিবলৈ লয় আৰু সফলতা অৰ্জন কৰে। ২০১৩ চনৰ নৱেম্বৰত নিজৰ কেৰিয়াৰৰ প্ৰথম দুখন টেষ্টত তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে একেলেথাৰিয়ে দুটা শতৰাণ অৰ্জন কৰে। তেওঁ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত অভিষেক টেষ্টত ১৭৭ ৰাণ আৰু তাৰ পাছৰখন টেষ্টত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত তেওঁ ১১১* ৰাণৰ ইনিংছ খেলে।

২০১৪ চনৰ ১৩ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে এখন এদিনীয়া খেলত ২৬৪ ৰাণৰ বিশাল ইনিংছ খেলে। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ ইতিহাসত ইয়ে বৰ্তমানলৈকে সৰ্বাধিক ব্যক্তিগত স্ক’ৰ।

অভিলেখ আৰু কৃতিত্ব

২০১৪ চনৰ ১৩ নৱেম্বৰ তাৰিখে কলকাতাৰ ইডেন গাৰ্ডেনত শ্ৰীলংকাৰ বিৰুদ্ধে ২৬৪ ৰাণ কৰি ৰোহিত শৰ্মা এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ এটা ইনিংছত সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে এদিনীয়া আন্তৰ্জাতিকত দুটা দ্বিশতৰাণ কৰা তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ।
তেওঁ কেৱল বাউণ্ডেৰীৰে (চাৰি আৰু ছয়) ১৮৬ ৰাণ কৰি শ্বেন ৱাটচনৰ পূৰ্বৰ অভিলেখ ভংগ কৰে।
এদিনীয়া ক্ৰিকেটৰ কোনো ইনিংছত সৰ্বাধিক সৰ্বাধিক চাৰি কোবোৱাৰ অভিলেখৰ অধিকাৰী ৰোহিত শৰ্মা (৩৩ টা)।
১৬টা ছয়েৰে এদিনীয়া ক্ৰিকেটৰ কোনো ইনিংছত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখৰ গৰাকী ৰোহিত।
ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত শৰ্মাই ডেক্কান চাৰ্জাৰ্চৰ হৈ বলিং কৰি এটা হেট্ৰিকো দখল কৰিছিল।

(তথ্যঃৱিকিপেডিয়া)

 

Rohit Sharma - All Results

    No stories found matching this criteria

 

এতিয়া LIVE

    শেহতীয়া বাতৰি