Ranjan Gogoi

Ranjan Gogoi

ৰঞ্জন গগৈ (জন্ম ১৮ নৱেম্বৰ ১৯৫৪) হৈছে ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। তেওঁৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ ১৯৮২ চনত অসমৰ মুখ্যমন্ত্ৰী আছিল। দেশৰ সৰ্বোচ্চ ন্যায়িক পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া লগতে উত্তৰ পূৱ ভাৰতৰ ব্যক্তি। ২০২০ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰে। ন্যায়াধীশ ৰঞ্জন গগৈয়ে ১৯৭৮ চনত আইনী ক্ষেত্ৰখনত প্ৰথম খোজ পেলাই পৰৱৰ্ত্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত আছিল। ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ সেই ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ নিযুক্ত হয়। ইয়াৰ পৰৱৰ্ত্তী সময়ত ২০১০ চনৰ ৯ ছেপ্টেম্বৰত তেওঁ পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি হৈ আহে আৰু ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত একে ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশৰ পদ লাভ কৰে। ২০১২ চনৰ ২৩ এপ্ৰিল তাৰিখে তেওঁৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি হয় আৰু এই ন্যায়ালয়ত তেওঁ প্ৰায় ৭ বছৰ কাল কাৰ্যনিবাহ কৰে। ২০১৮ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়। ন্যায়াধীশ গগৈৰ পিতৃ প্ৰয়াত কেশৱ চন্দ্ৰ গগৈ অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল। শেহতীয়াকৈ প্ৰাক্তন CJI ৰঞ্জন গগৈ এক বিতৰ্কত সোমাই পৰে। দেশৰ এক আগশাৰীৰ টেলিভিছন চেনেলে তেওঁৰ ৰাজ্যসভাত উপস্থিতিৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিতৰ্কৰ মাজত সোমাই পৰে গগৈ ৷ তৃণমূল কংগ্ৰেছৰ সাংসদ মৌচম নুৰে যোৱা সোমবাৰে সংসদত মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে এক বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰে । প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে এক টিভি সাক্ষাৎকাৰত কয়, "মোৰ মন গ’লেহে মই ৰাজ্যসভালৈ যাওঁ । যেতিয়া মই দেখো যে, কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ’বলগীয়া আছে আৰু সেই বিষয়ৰ ওপৰত মোৰ ক’বলগীয়া আছে, তেতিয়াহে মই ৰাজ্যসভালৈ যাওঁ । মই যিহেতু সংসদৰ মনোনীত সদস্য, সেয়ে মই কোনো পাৰ্টী হুইপৰ দ্বাৰা পৰিচালিত নহয়’’। গগৈৰ এই মন্তব্যৰ পাছতেই তৃণমূল সাংসদ মৌচম নুৰে কয় যে, প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীৰ এই বক্তব্য সংসদৰ উচ্চ সদনৰ প্ৰতি অৱজ্ঞাসূচক ৷ এই মন্তব্যৰ জৰিয়তে প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে সংসদৰ সদস্য হিচাপে বিশেষাধিকাৰ উলংঘন কৰিছে ।

Ranjan Gogoi - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি