Priyanka Chopra

Priyanka Chopra

প্ৰিয়ংকা চোপ্ৰা (ইংৰাজী: Priyanka Chopra; জন্ম: ১৮ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তামিল ছবি থামিজানেৰে (Thamizhan­) ছবিজগতত পদাৰ্পন কৰি তেওঁ "দা হিৰো" (২০০৩)ৰ জৰিয়তে বলীউডত অভিষেক ঘটাই আৰু তাৰ পিছত হিন্দী চলচ্চিত্ৰ "অন্দাজ"ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ এতৰাজ, মুঝছে শাদী কৰোগী (২০০৪), ক্ৰিশ্ব (২০০৬), ডন (২০০৬) আদি চলচ্চিত্ৰত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০৮ চনত তেওঁৰ কেৰিয়াৰে এক নতুন মোৰ লয় যেতিয়া তেওঁ ফেশ্বন ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ আৰু ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কমিনে (২০০৯), হোৱাট্‌ছ ইয়'ৰ ৰাছী (২০০৯) আৰু ৭ খুন মাফ (২০১১)ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। এনেকৈয়ে তেওঁ বলীউডত এক শীৰ্ষমানৰ প্ৰতিভাৱান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ দূৰদৰ্শন আৰু মঞ্চতো অভিনয় কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰত স্তম্ভ লিখনৰ উপৰিও তেওঁ দান-বৰঙনিমূলক কামতো জড়িত। তেওঁক ভাৰতৰ সবাতোকৈ জনপ্ৰিয় চেলিব্ৰেটীসমূহৰ ভিতৰত এগৰাকী হিচাপে আখ্যা দিয়া হয়। ২০১১ চনত তেওঁ য়ুনিভাৰছেল মিউজিক গ্ৰুপ আৰু "দেশী হিট্‌ছ"ৰ লগত তেওঁৰ প্ৰথম মিউজিক এলবামটো ৰেকৰ্ড আৰু বিশ্বজুৰি মুকলি কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে। ইয়াৰে প্ৰথম একক "ইন মাই চিটি" ১৩ ছেপ্টেম্বৰ, ২০১২ত মুকলি হয়। প্ৰাৰম্ভিক জীৱন আৰু খিতাপ জয় ১৮ জুলাই ১৯৮২ ত ঝাৰখণ্ডৰ জামছেদপুৰত প্ৰিয়ংকা চোপ্ৰাৰ জন্ম হয়। তেওঁৰ দেউতাক ড॰ অশোক চোপ্ৰা আৰু মাক ড॰ মধু চোপ্ৰা দুয়ো ভাৰতীয় সেনাবাহিনীৰ চিকিৎসক আছিল। তেওঁৰদেউতাক হাৰিয়ানাৰ আম্বালা জিলাৰ এটা পঞ্জাবী পৰিয়ালৰ আছিল আৰু মাক আছিল জামছেদপুৰৰ বিহাৰী কায়স্থ পৰিয়ালৰ। প্ৰিয়ংকাৰ তেওঁতকৈ সাত বছৰে সৰু সিদ্ধাৰ্থ নামৰ ভাতৃ এজনো আছে। অভিনেত্ৰী পৰিনীতি চোপ্ৰা তেওঁৰ সম্বন্ধীয় ভগ্নী। দেউতাক আৰ্মী হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ ভাৰতৰ বিভিন্ন ঠাই যেনে দিল্লী, পুণে,­ লক্ষৌ, বৰেলী, লা­ডাখ, চণ্ডীগড়, আম্বালা আদিত শৈশৱকাল কটাইছিল। প্ৰথমতে তেওঁ লক্ষৌৰ La Martiniere Girls' School ত আৰু বৰেলীৰ St. Maria Goretti College ত পঢ়ে। তাৰপিছত তেওঁ আমেৰিকালৈ যায় আৰু নিউটন, মাছাছুছেটচত থকা নিউটন নৰ্থ হাইস্কুল আৰু চেডাৰ ৰেপিডছ, আয়োৱাত থকা জন এফ. কেনেডী হাইস্কুলত শিক্ষাগ্ৰহণ কৰে।[11]তেওঁ পিছত কৈছিল "১৩ বছৰ বয়সতে তিনি বছৰৰ কাৰণে বষ্টনলৈ পঢ়িবলৈ যোৱাটো মোৰ বাবে এক অভাৱনীয় সাংস্কৃতিক পৰিৱৰ্তন আছিল"। চোপ্ৰাৰ মতে তেওঁ কেতিয়াও কেফেটেৰিয়ালৈ নগৈছিল কাৰণ তেওঁ লাইনত থিয় হ'বলৈ নাজানিছিল, ক'ত পইচা দিব লাগে নাজানিছিল আৰু কেনেকে খাব লাগে নাজানিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ টয়লেটত মনে মনে চিপ্ছ (chips) খাইছিল। হ'লেও সেই সময়তো তেওঁ গীৰ্জাঘৰত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি নিঠৰুৱাসকলক সহায় কৰা আদি জনহৈতৈষী কামত হাত আগবঢ়াইছিল। তদুপৰি তেওঁ ৰাজ্যিক পৰ্যায়ত নেশ্যনেল অপাচ অনাৰ কয়ৰৰ বাবে নিৰ্বাচিত হৈছিল। বষ্টনত থাকোঁতে তেওঁ পশ্চিমীয়া ধ্ৰুপদী সংগীত, কোৰাচ আৰু কয়ৰ সংগীতৰ লগতে কথক নৃত্যৰ শিক্ষা লয়। দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ অপৰাধী মনোবৈজ্ঞানিক হোৱাৰ সিদ্ধান্ত লয়। ভাৰতলৈ আহি তেওঁ "আৰ্মী পাব্লিক স্কুল"ত পঢ়িবলৈ লয় আৰু মে' কুইন শীৰ্ষক সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হয়। তাৰ পিছত তেওঁ জয় হিন্দ কলেজ, মুম্বাইত নাম লগাই যদিও ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত যোগ দিবৰ বাবে কলেজীয়া শিক্ষা আধাতে সমাপ্ত কৰে। চোপ্ৰাৰ মাতৃয়ে তেওঁৰ অজানিতে তেওঁৰ ফটো এই প্ৰতিযোগিতালৈ পঠিয়াই দিয়ে আৰু তেনেদৰেই তেওঁ গ্লেমাৰ জগতত প্ৰৱেশ কৰে। এই ক্ষেত্ৰত দেউতাকেও তেওঁক সহযোগ কৰে।[15] এই প্ৰতিযোগিতাত তেওঁ লাৰা দত্তৰ পিছত আৰু দিয়া মিৰ্জাৰ আগত অৰ্থাৎ দ্বিতীয় স্থান লাভ কৰে। নিয়ম অনুযায়ী তেওঁক মিছ ৱৰ্ল্ড প্ৰতিযোগিতালৈ পঠিওৱা হয় আৰু তেওঁ ২০০০ বৰ্ষৰ মিছ ৱৰ্ল্ড খিতাপৰ লগতে "মিছ ৱৰ্ল্ড কণ্টিনেণ্টেল কুইন অৱ বিউটী-এছিয়া এণ্ড ওছেনিয়া" (MissWorld Continental Queen ofBeauty − Asia & Oceania) খিতাপ জয় কৰে। মানবীয়তাৰ সপক্ষে তেওঁৰ বক্তব্য আৰু মাদাৰ টেৰেছাৰ প্ৰতি থকা আনুগত্যই বিচাৰক সকলক মুগ্ধ কৰে। সেই বছৰতে লাৰা দত্তাই মিছ য়ুনিভাৰ্ছ আৰু দিয়া মিৰ্জাই মিছ এছিয়া পেচিফিক খিতাপ জয় কৰে যি এখন দেশৰ কাৰণে এক বিৰল ঘটনা। এই খিতাপ লাভ কৰা তেওঁ পঞ্চম ভাৰতীয় মহিলা আৰু শেহতীয়া সাত বছৰৰ ভিতৰত চতুৰ্থ ভাৰতীয় মহিলা। খিতাপ জয়ৰ পিছত তেওঁ এবছৰ মিছ ৱৰ্ল্ড অৰগেনাইজেশ্যনৰ লগ লাগি বিশ্বভ্ৰমণ কৰে আৰু অভিনেত্ৰী হবলৈ মন থিৰ কৰে। তেওঁ কয় যে মিছ ৱৰ্ল্ড খিতাপে তেওঁক এক পৰিচয় আৰু খ্যাতি আনি দিয়ে আৰু তেওঁলৈ অভিনয়ৰ প্ৰস্তাৱ আহিবলৈ ধৰে। ২০০২ চনত তামিল ছবি থামিজানৰ প্ৰিয়াৰ চৰিত্ৰটিৰ জৰিয়তে প্ৰিয়ংকা চোপ্ৰাই অভিনয় জীৱন আৰম্ভণি কৰে। ছবিখন প্ৰশংসিত হৈছিল যদিও চোপ্ৰাৰ চৰিত্ৰটিৰ গভীৰতা দেখা পোৱা হোৱা নাছিল। ২০০৩ চনত ছানী দেওল আৰু প্ৰীতি জিণ্টা অভিনীত অনিল শৰ্মাৰ ছবি "দ্য হিৰো : লাভ ষ্টৰী অৱ এ স্পাই"ৰ জৰিয়তে তেওঁ বলীউদত খোজ পেলায়। বহুকেইখন বিফল ছবিত অভিনয় কৰাৰ পিছত চোপ্ৰাই মধুৰ ভাণ্ডাৰকাৰৰ ফেশ্বন ছবিত মেঘনা মাথুৰ নামৰ কেন্দ্ৰীয় চৰিত্ৰটিত অভিনয়ৰ সুযোগ পাই। এই ছবিখন তথা চোপ্ৰাৰ অভিনয় যথেষ্ট প্ৰশংসিত হয় আৰু ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ, শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আদিকে ধৰি অনেক বঁটা বাহন লাভ কৰে। ২০১২ ছেপ্টেম্বৰত চোপ্ৰাই ৰণবীৰ কাপুৰ আৰু ইলিয়ানা ডিক্ৰুজৰ লগত অনুৰাগ বাসুৰ "বৰ্ফি!"ত অভিনয় কৰে য'ত তেওঁ অষ্টিয়া ৰোগত ভোগা ঝিলমিল চেটাৰ্জীৰ চৰিত্ৰত অভিনয় কৰে। এই চৰিত্ৰত অভিনয় কৰাৰ আগতে তেওঁ বহুকেইখন মানসিক চিকিৎসালয়লৈ গৈ অষ্টিয়াত ভোগা ৰোগী কিছুমানক সাক্ষাৎ কৰে। তেওঁ কয় "মই চৰিত্ৰটিত অভিনয় কৰাৰ আগেয়ে কিছু অধ্যয়ন কৰি ল'ব লগা হৈছিল কাৰণ ভাৰতত অষ্টিজম সম্বন্ধে সজাগতা তেনেই কম"। ছবিখন অভাৱনীয় ভাৱে সফল হয় আৰু বহুকেইজন সমালোচকে ইয়াক প্ৰিয়ংকাৰ এতিয়ালৈ সৰ্বশ্ৰেষ্ঠ অভিনয় আখ্যা দিয়ে। ইয়াৰ বাবে চোপ্ৰাই ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন পায়। বৰ্ফিক ৮৫সংখ্যক একাডেমী এৱাৰ্ডছৰ বাবে ভাৰতৰ পৰা প্ৰেৰণ কৰা হয় যদিও ই প্ৰতিযোগিতাৰ দৌৰত বাহিৰ হয়। (উৎসঃ ৱিকিপেডিয়া)

Priyanka Chopra - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি