মুখ্যপৃষ্ঠা » petrol price today
Petrol Price Today

Petrol Price Today

প্ৰতি দিনে সলনি হয় পেট্ৰ’ল–ডিজেলৰ দাম। চৰকাৰী তেল দৈনন্দিন হিচাপত পেট্ৰ’ল–ডিজেলৰ দাম জাৰি কৰে। শেহতীয়াকৈ সাধাৰণ জনতাই পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ পৰা সামান্য সকাহ লাভ কৰিছে। কেইবাখনো চহৰত বৰ্তমান পেট্র’লৰ দাম প্ৰতিলিটাৰত ১০০ টকাৰ তলত চলি আছে। উল্লেখ্য যে, দিপাৱলীৰ এদিন পূৰ্বে পেট্ৰ’লত ৫ টকা প্ৰতিলিটাৰত আৰু ডিজেলত ১০ টকা হ্ৰাস কৰাৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। তাৰ পিছতে অসম চৰকাৰেও ৭ টকাকৈ ভেট হ্ৰাস কৰিছিল পেট্ৰ’ল–ডিজেলত। তাৰ পিছৰে পৰা পেট্ৰ’লৰ–ডিজেলৰ দাম প্ৰায় স্থিৰ হৈ আছে। দৈনিক সলনি হয় পেট্ৰ’ল–ডিজেলৰ দাম। ঘৰত বহিয়ে কেনেকৈ গম পাব শেহতীয়া ৰেট? পেট্ৰ’ল–ডিজেলৰ শেহতীয়া দাম আপুনি SMSৰ জৰিয়তে জানিব পাৰে (How to check diesel petrol price daily)। ইণ্ডিয়ান অইলৰ কাষ্টমাৰে RSP লিখি 9224992249 নম্বৰত আৰু বিপিচিএলৰ উপভোক্তাই RSP লিখি 9223112222 নম্বৰত পঠিয়াই তথ্য আহৰণ কৰিব পাৰে। এচপিচিএলৰ উপভোক্তাই HPPrice লিখি 9222201122 নম্বৰত পঠিয়াই ৰেট জানিব পাৰে। উল্লেখ্য যে, কোৰোণা মহামাৰীৰ প্ৰকোপত লকডাউনৰ পৰৱৰ্তী সময়ত চৰকাৰে শুল্ক বৃদ্ধি কৰাৰ কাৰণে পেট্ৰ’ল–ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছিল। নৱেম্বৰ মাহত পেট্ৰ’ল–ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্তৰ পিচতে বিৰোধীয়ে ইয়াক ‘ভয়ৰ কাৰণে’ লোৱা সিদ্ধান্ত আখ্যা দিছিল। হঠাতে পেট্ৰল–ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ পিছত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে কয় যে শেহতীয়া উপনিৰ্বাচনৰ ফলাফলে বিজেপিক চক খুৱাইছে, যাৰ ফলত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাইছে। তেওঁ এই কথা টুইটযোগে প্ৰকাশ কৰে। চিদাম্বৰমে কয় যে চৰকাৰৰ পদক্ষেপে কংগ্ৰেছৰ অভিযোগ নিশ্চিত কৰিছে। কংগ্ৰেছে কৈছিল যে উচ্চ কৰৰ বাবে ইন্ধনৰ মূল্য অধিক হৈছে। দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰমে কয়, "২৯খন বিধানসভা আৰু ৩খন লোকসভা আসনৰ উপ-নিৰ্বাচনৰ ফলাফলৰ বাবে এনে কৰা হৈছে। কেন্দ্ৰই পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰিছে। ই আমাৰ আন এটা অভিযোগকে নিশ্চিত কৰে যে উচ্চ কৰৰ কাৰণে ইন্ধনৰ দাম প্রধানতঃ বৃদ্ধি হৈছিল।''

Petrol Price Today - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি