Narendra Modi

Narendra Modi

নৰেন্দ্ৰ দামোদৰদাস মোদী বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে ভাৰতৰ পঞ্চদশ আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল। মোদী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত হোৱা গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল নিৰ্দ্ধাৰক আছিল। ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰো তেওঁ বিজেপি দলৰ এগৰাকী প্ৰধান নিৰ্বাচনী প্ৰচাৰক আছিল। ২০০১ চনত মোদী প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। গুজৰাটৰ উপ-নিৰ্বাচনত বিজেপি পৰাজিত হোৱা বাবে মুখ্যমন্ত্ৰী কেশুভাই পেটেলে পদত্যাগ কৰাত মোদীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ একেৰাহে ৪ৰ্থটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্বত আছে। তেওঁ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী আছিল। সেই নিৰ্বাচনত বিজেপিয়ে ২৮২খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে। মোদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন সদস্য। ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী চৰ্চিত ব্যক্তি নৰেন্দ্ৰ মোদী। ২০০২ৰ গুজৰাট কাণ্ডৰ ঘটনাৱলীৰ বাবে তেওঁৰ তদানীন্তন চৰকাৰক কঠোৰ ভাবে সমালোচনা কৰা হয়। তৎস্বত্তেও গুজৰাটৰ দ্ৰুত অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা তেওঁৰ অৰ্থনৈতিক নীতিসমূহৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছে জন্ম আৰু বাল্য শিক্ষা ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত পূৰ্বৰ বম্বে ৰাজ্যৰ (বৰ্তমানৰ গুজৰাট) মেহচানা জিলাৰ ভদনগৰত অন্যান্য পিছপৰা জাতিৰ ঘাঞ্চী-তেলি সমাজৰ এটি পৰিয়ালত মোদীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল দামোদৰদাস মোলচন্দ মোদী আৰু মাতৃৰ নাম হীৰাবেন। চাৰিজন সন্তানৰ মাজত পিতৃ-মাতৃৰ তেওঁ তৃতীয়টো সন্তান আছিল। ভদনগৰ ৰেলৱে ষ্টেশ্যনত থকা দেউতাকৰ চাহৰ দোকানত মোদীয়ে সহায় কৰিছিল। কৈশোৰ কালত ভাতৃৰ সৈতে এটা বাছ আস্থানৰ ওচৰত এখন চাহৰ দোকান চলাইছিল। ১৯৬৭ চনত তেওঁ ভদনগৰৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰে। আঠ বছৰ বয়সতেই নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক সংঘৰ পৰিচয় হয় আৰু তেওঁ স্থানীয় শাখাসমূহত যোগদান কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াতেই তেওঁ লক্ষ্মণৰাও ইনামদাৰৰ সান্নিধ্য লাভ কৰে। তেওঁকেই পাছত মোদীৰ ৰাজনৈতিক গুৰু বুলি জনা যায়। পিতৃ-মাতৃয়ে ঘাঞ্চী জাতিৰ পৰম্পৰা অনুসৰি নৰেন্দ্ৰ মোদীৰ বাল্য বিবাহ কৰোৱায়। তেৰ বছৰ বয়সতে তেওঁ যশোদাবেনৰ লগত তেওঁৰ বিয়া থিক কৰা হয় আৰু ১৮ বছৰ হওঁতেই দুয়ো বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকে দুয়ো খুব কম সময় একেলগে অতিবাহিত কৰে কাৰণ মোদীয়ে ইতিমধ্যে পৰিব্ৰাজকৰ জীৱন অনুসৰণ কৰাৰ সিদ্ধান্ত লোৱাত দুয়োৰে বিচ্ছেদ হয়। ২০০২ চনৰ পৰা চাৰিবাৰকৈ বিধান সভাৰ নিৰ্বাচনত মোদীয়ে মনোনয়ন পত্ৰ দাখিল কৰোঁতে বিবাহৰ অংশটো খালীকৈ ৰাখিছিল। ২০১৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত যশোদাবেন চিমনলাল নিজৰ বৈধ পত্নী মোদীয়ে স্বীকাৰ কৰে। (তথ্যঃঅসমীয়া ৱিকিপেডিয়া)

Narendra Modi - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি