Mamata banerjee

Mamata Banerjee

মমতা বন্দ্যোপাধ্যায় বা মমতা বেনাৰ্জী (ইংৰাজী: Mamata Banerjee) পশ্চিমবংগৰ একাদশ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী। ১৯৯৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ স্থাপন কৰে। পশ্চিমবংগত তেখেত দিদি (বাইদেউ) নামে পৰিচিত।

মমতা বন্দ্যোপাধ্যায়ে ১৯৫৫ চনৰ ৫ জানুৱাৰীত, পশ্চিমবংগৰ কলিকতাৰ হাজৰা অঞ্চলৰ এক দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে। দেউতাক প্ৰমীসৃলেশ্বৰ বন্দ্যোপাধ্যায় আছিল এজন স্বাধীনতা সংগ্ৰামী আৰু মাকৰ নাম আছিল গায়ত্ৰী দেৱী। কলকাতাৰ শিক্ষায়তন মহাবিদ্যালয়ৰ পৰা বি.এড. ডিগ্ৰি লোৱাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰি আৰু কলিকতাৰ যোগেশ চন্দ্ৰ চৌধুৰী কলেজ অফ ল’ ৰ পৰা এল.এল.বি. ডিগ্ৰি অৰ্জন কৰে। মমতা বন্দ্যোপাধ্যায়ে শিক্ষা জীৱন সমাপ্ত কৰি কিছু সময়ৰ বাবে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাও কৰিছিল। মমতা বন্দ্যোপাধ্যায় ছাত্ৰ জীৱনতেই ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল।

১৯৭০ দশকতেই কংগ্ৰেছ (আই) দলত যোগদানৰ জৰিয়তে মমতা বেনাৰ্জীয়ে অতি কম বয়সতে ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। ১৯৭৬-১৯৮০ লৈকে মমতাই মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল আৰু ১৯৪৭ চনৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ যাদৱপুৰ লোকসভাৰ পৰা বৰ্ষীয়ান কমিউনিষ্ট নেতা সোমনাথ চেটাৰ্জীক পৰাজিত কৰি পোন প্ৰথম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯১ চনৰ নৰসীমা ৰাও মন্ত্ৰীসভাই মমতা বেনাৰ্জীক মানৱ সম্পদ উন্নয়ন, ক্ৰিয়া আৰু যুৱ কল্যাণ তথা শিশু বিকাশৰ ৰাষ্ট্ৰ মন্ত্ৰী হিচাপে মনোনীত কৰে। ১৯৯৩ চনত মমতাৰ পদত্যাগ পত্ৰ গৃহীত হয়।

তেওঁ ২০১১ চনৰ পৰা ২০২১ চনলৈ ভৱানীপুৰৰ পৰা পশ্চিম বংগ বিধান সভাৰ সদস্য আছিল। তেওঁ নন্দীগ্ৰাম বিধানসভা আসনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু ২০২১ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত বিজেপিৰ সুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল,  যদিও তেওঁৰ দলে বৃহৎ সংখ্যক আসন লাভ কৰিছিল। ১৯৬৭ চনত প্ৰফুল্ল চন্দ্ৰ সেন আৰু ২০১১ চনত বুদ্ধদেৱ ভট্টাচাৰ্যৰ পিছত তেওঁ নিজৰ সমষ্টিৰ পৰা নিৰ্বাচনত পৰাজিত হোৱা পশ্চিম বংগৰ তৃতীয় মুখ্যমন্ত্ৰী। মমতাই কলিকতা উচ্চ ন্যায়ালয়ৰ নন্দীগ্ৰাম সমষ্টিৰ ফলাফলক প্ৰত্যাহ্বান জনাইছিল আৰু বিষয়টো ন্যায়াধীশৰ অধীনত আছে। তৎস্বত্তেও তেওঁ ২০২১ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত দলক বিপুল বিজয়ৰ দিশে লৈ যোৱা নেত্ৰী।

(উৎসঃ ৱিকিপেডিয়া)

Mamata Banerjee - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি