
পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে। মাঘ বিহু আদিম যুগৰ পৰাই সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি আহিছে। মাঘ বিহু আদিম যুগৰ বড়ো মূলীয় লোক সকলৰ প্ৰধান উৎসৱ আছিল। পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিছিল। মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ "মিডি-য়ে-জি"ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ, য়ে=জুই, জি=উৰি যোৱা পৰা সৃষ্টি হৈছিল। আনহাতে "উৰুকা" শব্দটো চুতীয়া ভাষাৰ "উৰুকুবা"ৰ(অৰ্থ=শেষ হোৱা) পৰা অহা বুলি জনা যায় কাৰণ পুহ মাহৰ এই অন্তিম দিনটোতে শস্য চপোৱাই শেষ হয়। চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। ৰজাসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়। এই সমূহ কাৰ্যৰ সুষমতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল। যেনে- হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি। সেইদিশৰ পৰা ৰংঘৰ আৰু ইয়াৰ সৈতে সংলগ্ন বাকৰি ৰোমান কলছিয়ামৰ সমতুল্য। গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজভাত খায়। তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে। ভেলাঘৰৰ কাষতে কাঠ-বাঁহৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়। মেজি সাধাৰণতে প্ৰতিযোগিতামূলকভাৱে ওখ হোৱা দেখা যায়। মেজিৰ ব্যৱহাৰ উজনি অসমত তুলনামূলকভাৱে বেছি। মেজিৰ জুইত বাঁহৰে সজা পানীহিলৈ ফুটোৱাটো এক পৰম্পৰা। পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰা হয়। মেজিৰ জুই জ্বলাই গোৱা হয় "পুহ গ'ল মাঘ হ'ল, আমাৰ মেজি জ্বলি গ'ল"। মেজিৰ তলত আশীৰ্বাদ ল'লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে। (উৎসঃ ৱিকিপেডিয়া/ইণ্টাৰনেট)
Magh Bihu - All Results