lata mangeshkar

Lata Mangeshkar

ভাৰত ৰত্ন লতা মংগেশকাৰ বা লতাজী  (২৮ ছেপ্টেম্বৰ ১৯২৯ — ৬ ফেব্ৰুৱাৰী ২০২২) ভাৰতবৰ্ষৰ এগৰাকী অতি জনপ্ৰিয় নেপথ্য গায়িকা আছিল। সংগীত জীৱনত লতাজীয়ে ছত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষা আৰু কেইটামান বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰিছিল; লগতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছিল।

ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাপে লতাই সক্ৰিয়ভাৱে কাম কৰিছিল। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ‘ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী’ আখ্যা দিছিল। তেওঁক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়।

লতাজীয়ে তেওঁৰ কৰ্মজীৱনত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে। ২০০১ চনত, ৰাষ্ট্ৰলৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আৰু এই সন্মান লাভ কৰা এম এছ চুব্বালক্ষ্মীৰ পিছত তেওঁ দ্বিতীয়গৰাকী মহিলা কণ্ঠশিল্পী আছিল। ফ্ৰান্সে ২০০৭ চনত তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা নেচনেল অৰ্ডাৰ অফ দ্য লিজিয়ন অফ অনাৰৰ বিষয়া প্ৰদান কৰিছিল।

তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৫টাকৈ বেংগল ফিল্ম জাৰ্নালিষ্ট এছ’চিয়েচন এৱাৰ্ড, চাৰিটাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা প্লেবেক বঁটা, দুটাকৈ ফিল্মফেয়াৰ বিশেষ বঁটা, ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰ লগতে আৰু বহুতো বঁটা লাভ কৰিছিল। ১৯৭৪ চনত তেওঁ লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত সংগীত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় নেপথ্য গায়িকাসকলৰ ভিতৰত এগৰাকী আছিল।

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ জ্যেষ্ঠ কন্যা লতাজীয়ে জন্মগ্ৰহণ কৰিছিল। দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। ৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন-পালন মহাৰাষ্ট্ৰত কৰা হয়।

লতাজীৰ মাক শ্বেৱন্তী (পিছলৈ শুদ্ধমতী নামলৈ সলনি কৰে), বোম্বাই প্ৰেচিডেঞ্চীৰ থালনাৰৰ (বৰ্তমান উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰত) এগৰাকী গুজৰাটী মহিলা আছিল, যি দীননাথৰ দ্বিতীয়গৰাকী পত্নী আছিল; তেওঁৰ প্ৰথম পত্নী নৰ্মদাৰ মৃত্যুৰ পিছত তেওঁ নৰ্মদাৰ সৰু ভনী শ্বেৱন্তীক বিয়া কৰায়।

দীননাথে তেওঁৰ পৰিয়ালক তেওঁৰ জন্মস্থান গোৱাৰ মংগেশীৰ সৈতে চিনাক্ত কৰিবলৈ মংগেশকাৰ উপাধি গ্ৰহণ কৰিছিল। লতাৰ জন্মৰ সময়ত নাম আছিল “হেমা”। লতাজীৰ দেউতাক ভাব বন্ধন (भाव बंधन) নামৰ নাটক এখনত কাম কৰিছিল আৰু সেই নাটকখনৰ এটা মহিলা চৰিত্ৰৰ নাম আছিল লতিকা, পিছলৈ লতাজীৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম হেমাৰ পৰা লতালৈ সলনি কৰি দিয়ে।

লতাজী দীননাথৰ পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁৰ ভাই-ভনীসকল ক্ৰমে— মীনা, আশা, ঊষা আৰু হৃদয়নাথ সকলোৱে দক্ষ গায়ক আৰু সংগীতজ্ঞ।

লতাজীয়ে তেওঁৰ দেউতাকৰ পৰা সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। পাঁচ বছৰ বয়সত তেওঁ তেওঁৰ দেউতাকৰ সংগীত নাটকত (মাৰাঠীত সংগীত নাটক) শিশু অভিনেত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। বিদ্যালয়ৰ প্ৰথমটো দিনতে তেওঁ বিদ্যালয়ৰ এৰি গুচি গৈছিল কাৰণ বিদ্যালয়লৈ তেওঁৰ ভনী আশাক তেওঁৰ লগত আনিবলৈ দিয়া নাছিল।

দেউতাকৰ মৃত্যুৰ পাছত আৰ্থিক অনাটনত পৰি লতাই কেইখনমান হিন্দী আৰু মাৰাঠী ছবিত অভিনয় কৰিছিল। অভিনেত্ৰীৰূপে তেওঁৰ প্ৰথম কথাছবি আছিল- পাহিলী মংগলাগৌৰ (১৯৪২); পিছলৈ লতাজীয়ে চিমুকলা সংসাৰ (১৯৪৩), গজভাউ (১৯৪৪), বড়ী মা (১৯৪৫), জীৱন যাত্ৰা (১৯৪৬), ছত্ৰপতি শিবাজী (১৯৫২) আদি বিভিন্ন ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।

১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে। গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হ’ল। ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ স্থিতি সুদৃঢ় কৰিলে। ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালা শীৰ্ষক গীতটোৱে লতাজীক বহু চৰ্চিত কৰিলে। ইয়াৰ পিছত লতাজীয়ে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল।

(উৎসঃ ৱিকিপেডিয়া)

Lata Mangeshkar - All Results

    No stories found matching this criteria

 

এতিয়া LIVE

    শেহতীয়া বাতৰি