Gaurav Gogoi

Gaurav Gogoi

কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ (ইংৰাজী: Gaurav Gogoi) জন্ম ৪ ছেপ্তেম্বৰ ১৯৮২ত। গৌৰৱ গগৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ। গৌৰৱ গগৈৰ জন্ম দিল্লীত। তেওঁৰ পিতৃ তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে অধিস্থিত আছিল। গৌৰৱ গগৈয়ে দিল্লীৰ ছেন্ট কলম্বাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা বি টেক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰে। গৌৰৱ গগৈ প্ৰথমবাৰ ২০১৪ চনৰ মাৰ্চত চনত কংগ্ৰেছ দলৰ পৰা নিম্ন সদনলৈ কলিয়াবৰৰ পৰা নিৰ্বাচিত হয়। তেওঁ সৰ্বমুঠ ৪,৪৩,৩১৫ ভোট লাভ কৰি কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। প্ৰতিদ্বন্দ্বী বিজেপিৰ মৃণাল শইকীয়াক মুঠ ৯৩,০০০ ভোটৰ ব্যৱধানত পৰাজিত কৰে। গৌৰৱ গগৈৰ পত্নীৰ নাম এলিজাবেথ কলবাৰ্ণ গগৈ। গ্ৰেট ব্ৰিটেইনৰ এলিজাবেথৰ সৈতে গৌৰৱ গগৈ ২০১৪ চনত বিবাহপাশত আৱদ্ধ হয়। দুয়োৰে দুটি সন্তান আছে। ২০১৬ আৰু ২০২০ চনত এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ–মাতৃ হয় দুয়ো। ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে ২০০৫চনত এয়াৰটেলৰ চাকৰি এৰি দিল্লীস্থিত NGO ‘প্ৰৱাহ’ত যোগদান কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ পূৰ্বে তেওঁৰ খুৰাক দীপ গগৈ সমষ্টিটোৰ সাংসদ আছিল। ৰাজনীতিত ভৰি থৈ গৌৰৱে ঘোষণা কৰিছিল যে দলে তেওঁক যি দায়িত্ব দিয়ে তেওঁ সেই দায়িত্ব গ্ৰহণ কৰিব। দলে সেই অনুসৰি তেওঁক কলিয়াবৰৰ পৰা লোকসভাৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে।

Gaurav Gogoi - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি