Deepika padukone

Deepika Padukone

দীপিকা পাডুকোন (জন্ম ৫ জানুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। আটাইতকৈ জনপ্ৰিয় আৰু সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় তাৰকা হিচাপে, তেওঁ বলীউডৰ চলচ্চিত্ৰত নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰাৰ লগতে দুটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ হিন্দী, তামিল আৰু কানাড়া চলচ্চিত্ৰত অভিনয় কৰিছে। বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ জীয়ৰী পাডুকনৰ জন্ম কোপেনহেগেনত হৈছিল আৰু বাংগালুৰুত ডাঙৰ-দীঘল হৈছিল। এগৰাকী যুৱতী হিচাপে, তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল, কিন্তু ফেশ্বন মডেল হিচাপে কাম কৰিবলৈ তেওঁ খেলৰ কেৰিয়াৰ অন্ত পেলাইছিল। কম সময়ৰ ভিতৰতে তেওঁ ছবিত অভিনয় কৰাৰ প্ৰস্তাৱ লাভ কৰে, আৰু কানাড়া ছবিত ২০০৬ চনত আত্মপ্ৰকাশ কৰে। পিছত ২০০৭ চনত তেওঁৰ প্ৰথম বলীউড ব্লকবাষ্টাৰ ছবি ওম শান্তি ওম মুক্তি লাভ কৰে য'ত তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰে আৰু ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগত মহিলাৰ বঁটা লাভ কৰে। পাডুকোনে ৰোমান্টিক লাভ আজ কাল (২০০৯) আৰু থিয়েট্ৰিকেল লাফাংগে পৰিন্দে (২০১০)ত তেওঁৰ মুখ্য চৰিত্ৰৰ বাবে প্ৰশংসা লাভ কৰিছিল। অৱশ্যে, তেওঁৰ ৰোমাণ্টিক কমেডি বাচনা এ হাচিনো (২০০৮) আৰু কমেডি হাউচফুল (২০১০)ত তেওঁৰ অভিনয়ে নেতিবাচক মন্তব্য লাভ কৰে। ২০১২ চনৰ বক্স অফিচহিট ককটেল পাডুকনৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট চিহ্নিত হয়, তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে বিভিন্ন বঁটা সমাৰোহত শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে। তেওঁ সফলতাৰে কমেডি ইয়ে জৱানী হে দিৱানী (২০১৩), চেন্নাই এক্সপ্ৰেছ (২০১৩) আৰু হেপ্পী নিউ ইয়েৰ (২০১৪)ত অভিনয় কৰে যিয়ে সৰ্বাধিক উপাৰ্জন কৰা বলীউডৰ চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰে। তেওঁ গোলিয়োঁ কি ৰাসলীলা ৰাম-লীলা (২০১৩)ত কৰা অভিনয়ৰ বাবে প্ৰশংসিত হৈছিল, আৰু ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০১৫ চনত তেওঁৰ কমেডি-ড্ৰামা চলচ্চিত্ৰ পিকু মুক্তি পায়, আৰু তেওঁ ১৮ ডিচেম্বৰত মুক্তি পোৱা ঐতিহাসিক চলচ্চিত্ৰ বাজিৰাও মস্তানিত মস্তানিৰ চৰিত্ৰত অভিনয় কৰে। দীপিকাৰ ব্যক্তিগত জীৱন সদায় চৰ্চাত থাকে। ৰণবীৰ কাপুৰৰ প্ৰেমত তেওঁৰ কেৰিয়াৰত এক গুৰুত্বপূৰ্ণ সময় অতিবাহিত হৈছে। বাচ্চনা এ হাছিনো (২০০৮)ত কাম কৰাৰ পিছৰে পৰা তেওঁৰ সহ-অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে সম্পৰ্কত আছিল। তেওঁ ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে জনাইছিল আৰু ৰণবীৰৰ নামৰ আদ্যক্ষৰেৰে চিহ্নিত তেওঁৰ ডিঙিত এটা টেটু আঁকিছিল। তেওঁৰ মতে, এই সম্পৰ্কে তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু তেওঁ অধিক আত্মবিশ্বাসী আৰু সামাজিক হৈ পৰিছিল। পৰৱৰ্তী বছৰত তেওঁলোকৰ সম্পৰ্ক ভাঙি যায়, পৰৱৰ্তী এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে তেওঁক দীৰ্ঘ দিনধৰি বিশ্বাসঘাতকতা কৰা হৈছিল। 2010 চনত এক সাক্ষাৎকাৰত, তেওঁ কাপুৰৰ ওপৰত ব্যভিচাৰৰ অভিযোগ আনিছিল আৰু কাপুৰে নিজেই এইটো স্বীকাৰ কৰিছিল। তেওঁ আই পি এল দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ স্বত্বাধিকাৰীৰ পুত্ৰ সিদ্ধাৰ্থ মাল্যা তথা ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ প্ৰেমত পৰিছে বুলিও উৰাবাতৰি ওলাইছিল। ২০১৭ চনত ৰণবীৰ সিঙৰ সৈতে দীপিকাই নিজৰ সম্পৰ্ক প্ৰকাশ কৰিছিল। ২০১৮ চনৰ নৱেম্বৰত, তেওঁলোকে ইটালীৰ লেক কোমোত কোংকানি আৰু সিন্ধি ৰীতি-নীতিত বিবাহ পাশত আৱদ্ধ হয়।

Deepika Padukone - All Results

    No stories found matching this criteria

 

এতিয়া LIVE

    শেহতীয়া বাতৰি