Bihu Festival

Bihu Festival

বিহু অসমৰ জাতীয় উৎসৱ। বিহুৰ হৈছে জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ কৃষি ভিত্তিক উৎসৱ।অসমত পালন কৰা তিনি প্ৰকাৰৰ বিহু হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, (এপ্ৰিলৰ মাজভাগত অনুস্থিত হয়) কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। এই বিহুৱে অসমীয়া জাতীয় জীৱনত সমন্বয়ৰ বাৰ্তাও বিলাই আহিছে। . ব'হাগ বিহু: বসন্তৰ আগমণত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। এই বিহু সাত দিন পালন কৰা হয় বাবে সাত বিহু বুলিও কোৱা হয়। ব'হাগ বিহুত সন্মানৰ প্ৰতীকস্বৰূপে সৰুৱে ডাঙৰক "বিহুৱান" দিয়ে। পাৰম্পৰিক সাজ-পোছাক পৰিধান কৰি ডেকা-গাভৰুৱে কৰা পৰম্পৰাগত বিহু নৃত্যৰ এটি মুহূৰ্ত্ত মাঘ বিহু: সোঁণগুটি চপোৱাৰ পিছত অৰ্থাৎ পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় বাবে এই বিহুৰ আন এটা নাম ভোগালী বিহু। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা-পনা, লাডু,আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা। গাঁৱৰ ডেকা- বুঢ়া, জীয়ৰী-বোৱাৰী সকলে নৰা-কাটি মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। কাতি বিহু: আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। মানুহৰ অভাব-অনাটন হয়। সে্যেহে এই বিহুক কঙালী বিহু বোলে। পথাৰত আকাশ বন্তি জলাই, ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে চাকি জ্বলায় কাতি বা কঙালী বিহু পালন কৰা হয়।. প্ৰত্যেকটো বিহুই জাতীয় জীৱনত একোটা অৰ্থ বহন কৰি আহিছে। বীজ সিঁচাৰ সময়ত নতুন বছৰৰ আদৰণী জনাই বহাগ বিহু আৰম্ভ হয়, কাতি বিহুত ধানগুটি ৰোপণ আৰু সিঁচা কাৰ্যৰ অন্ত পৰে আৰু ভৰাল উদং হয় আৰু মাঘ বিহুই শস্য চপোৱাৰ ইংগিত বহন কৰে।

Bihu Festival - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি