মুখ্যপৃষ্ঠা » barsha rani bishaya
Barsha Rani Bishaya

Barsha Rani Bishaya

বৰষা ৰাণী বিষয়া অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী। চলচ্চিত্ৰৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী সুদক্ষ বিহুৱতী হিচাপে তেখেতৰ যথেষ্ট সুনাম আছে। বৰষা ৰাণী বিষয়াই ১৯৯৮ চনত জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰেৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে। তেওঁ অভিনীত চলচ্চিত্ৰ বসুন্ধৰাই ৫৭-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। উজান বজাৰৰ বিষয়া পৰিয়ালত ১৯৮২ চনৰ ২০ ছেপ্তেম্বৰত বৰষা ৰাণী বিষয়াৰ জন্ম। বৰষাৰ পিতৃ প্ৰখ্যাত চিনেমা নিৰ্মাতা–পৰিচালক অশোক কুমাৰ বিষয়া। মাতৃ হেপিমনি বিষয়া।  বৰষাই ২০২১ত যোৰহাটৰ ভাস্কৰ বৰুৱাৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয়। বৰষা ৰাণী বিষয়াই অভিনয় কৰা চিনেমাৰ তালিকাঃ ১৯৯৮–যৌৱনে আমনি কৰে,  (অশোক কুমাৰ বিষয়া) ১৯৯৯–বুকুৰ মাজত জ্বলে (অশোক কুমাৰ বিষয়া) ২০০০–জোন জ্বলে কপালত (মুন্না আহমেদ) ২০০১–আই লাভ ইউ (অশোক কুমাৰ বিষয়া) ২০০২–মিঠা মিঠা লগনত (অচ্যুত কুমাৰ ভাগৱতী, সুশান্ত মজিন্দাৰ বৰুৱা) ২০০২–মাঘত মামণিৰ বিয়া (চন্দ্ৰ মুদৈ) ২০০৩–অৰ্পণ (কৃষ্ণ ফুকন) ২০০৩–জুমন সুমন (মহিবুল হক) ২০০৩–উজনিৰ দুজনী গাভৰু (চন্দ্ৰ মুদৈ) ২০০৩–বিধাতা (মুনিন বৰুৱা) ২০০৫–হিয়াৰ দাপোনত তোমাৰে ছবি (শিবানন বৰুৱা) ২০০৫–চেনাই মোৰ ঢুলীয়া (চন্দ্ৰ মুদৈ) ২০০৯–ধুনীয়া তিৰোতাবোৰ (প্ৰদ্যুত কুমাৰ ডেকা) ২০১০–বসুন্ধৰা (হীৰেন বৰা) ২০১১–তোমাৰ খবৰ (ৰাজীৱ বৰা) ২০১১–পলে পলে উৰে মন (তিমথী দাস হাঞ্চে) ২০১২–মী এণ্ড মাই ছিষ্টাৰ (ৰাজেশ ভূঞা) ২০১৫–খেল- দ্য গেম (অশোক কুমাৰ বিষয়া) ২০১৭–তুমি আহিবানে (প্ৰেৰণা বৰবৰুৱা) ২০১৮–ৰক্তবীজ (বিশ্বজিৎ বৰা) ২০১৮–তাণ্ডৱ অৱ পাণ্ডৱ (প্ৰীয়ম নিৰ্মল) ২০১৯–ৰত্নাকৰ (যতীন বৰা) (উৎসঃ ৱিকিপেডিয়া)

Barsha Rani Bishaya - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি