babul supriyo

Babul Supriyo

বাবুল সুপ্ৰিয় (জন্ম ১৫ ডিচেম্বৰ ১৯৭০) এজন ভাৰতীয় বঙালী গায়ক আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতীয় লোকসভাৰ সদস্য আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেতা। তেওঁ আগতে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত আছিল। এজন গায়ক হিচাপে, তেওঁ অধিক হিন্দী চলচ্চিত্ৰ গাইছিল কিন্তু তেওঁৰ বহুতো এলবাম বাংলাভাষাতো মুক্তি দিয়া হৈছে। তেওঁ সুপ্ৰিয় বাৰাল নামেৰে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰিছিল। সংগীতৰ জগতলৈ অহাৰ পিছত, তেওঁ বাবুল সুপ্ৰিয় নামটো গ্ৰহণ কৰিছিল। তেওঁৰ ককাক আছিল ৰাইচান্দ বাৰাল। হুগলী নদীৰ পাৰত থকা সৰু চহৰ উত্তৰপাৰাত বাবুল সুপ্ৰিয়ৰ জন্ম হৈছিল। তেওঁৰ দেউতাক হৈছে সুনীল চন্দ্ৰ বাৰাল আৰু তেওঁৰ মাতৃ হৈছে সুমিত্ৰা বাৰাল। বাবুল সংগীতৰ সৈতে জড়িত পৰিয়ালৰ পৰা ওলাই আহিছে। বিশেষকৈ তেওঁৰ ককাক এন চি বাৰাল এজন গায়ক আৰু সুৰকাৰ আছিল। বাবুলে ইণ্টাৰ স্কুল আৰু ইণ্টাৰ কলেজ সংগীত প্ৰতিযোগিতাত বিজয়ী হৈছিল। বাবুলে অল ইণ্ডিয়া ৰেডিঅ' আৰু টেলিভিছনত প্ৰদৰ্শন কৰিছিল। 1983 চনত, লিলুৱা ডন বস্কো স্কুলৰ পৰা অল ইণ্ডিয়া ডন বস্কো মিউজিক চেম্পিয়ন হয়। তেওঁ ১৯৯১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। বাবুল সুপ্ৰিয়ই প্ৰথমতে ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকত কৰ্মজীৱন আৰম্ভ কৰিছিল কিন্তু পিছলৈ তেওঁ সংগীতক পেছা হিচাপে বাছি লৈ মুম্বাইলৈ গুচি যায়। বলীউডত তেওঁৰ সংগীত জীৱন ১৯৯২ চনত কল্যাণজীয়ে হাতত ধৰি আৰম্ভ কৰিছিল। তেওঁ হৃত্বিক ৰোশন অভিনীত কহো না প্যাৰ হে ত গান গাই বিখ্যাত হৈছিল। তেওঁ বলীউডৰ সকলো জনপ্ৰিয় গানও গাইছে। উদাহৰণ স্বৰূপে, 'পৰী পৰী হে এক পৰী' (হাঙ্গামা), 'হম তুম' (হম তুম), 'চন্দা চকতি' (ফানা)। তেওঁ কে ফৰ কিশোৰ নামৰ এটা চুপাৰ হিট টি.ভি. শ্ব'ও আয়োজন কৰিছিল। তেওঁ তৰুণ মজুমদাৰৰ চান্দ কি ঘৰ চলচ্চিত্ৰত অভিনয় কৰিছে। বাবুল সুপ্ৰিয়ই ২০১৪ চনৰ লোকসভা নিৰ্বাচনত পশ্চিম বংগৰ আছানচোল লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। ২০১৪ চনৰ ৯ নৱেম্বৰত তেওঁ নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত নগৰ উন্নয়ন, গৃহ আৰু নগৰদৰিদ্ৰতা দূৰীকৰণ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ২০১৬ চনৰ ১২ জুলাইত তেওঁ গধুৰ উদ্যোগ আৰু ৰাজহুৱা উদ্যোগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লয়। ২০১৯ ৰ লোকসভা নিৰ্বাচনত তেওঁ পুনৰ পশ্চিম বংগৰ আছানচোল লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে আৰু তেওঁৰ নিকটতম সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ মুনমুন সেনক ১.৯৭ লাখ ৬৩৭ টা ভোটত পৰাজিত কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে ৫০,০০০ ভোটৰ ব্যৱধানত টলিগঞ্জ সমষ্টিত তৃণমূল কংগ্ৰেছৰ অৰূপ বিশ্বাসৰ হাতত পৰাজিত হৈছিল।  

Babul Supriyo - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি