assamese gana

Assamese Gana

অসমৰ সংগীত একক আৰু স্বকীয়। দেশৰ অন্য প্ৰান্তৰ সংগীতৰ লগতে থলুৱা সংগীতৰ বৈশিষ্ট্য ইয়াত ফুটি ওলাইছে। উত্তৰ-পূৱ ভাৰতৰ অসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীতসমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীতসমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়। অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে। প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰভাৱ দেখা যায়। তলত বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ এখন সূচী দিবলৈ প্ৰয়াস কৰা হ'ল। কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত ওজাপালি ঝুমুৰ বৰগীত ঐনিতম বিহুগীত হুঁচৰি বনগীত বিয়ানাম ভেকুলী বিয়াৰ নাম নিচুকনি গীত মহো-হো গীত জিকিৰ টোকাৰি গীত বৰফুকনৰ গীত নাগাৰা/নেগেৰা নাম আইনাম অপেচৰী সবাহৰ গীত জন্মাষ্টমী নাম লক্ষ্মীপূজাৰ নাম গৰখীয়া গীত অসমৰ সংগীতজ্ঞসকলঃ   শ্ৰীশ্ৰীশঙ্কৰদেৱ পাৰ্বতি প্ৰসাদ বৰুৱা ৰূদ্ৰ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা ৰমেন বৰুৱা জুবিন গাৰ্গ বিশেষতঃ অসমীয়া কৰ্ম সংগীতৰ ভিতৰত আছে নিচুকনি গীত, নাওখেলৰ গীত, কুঁহিয়াৰ পেৰা গীত, শাকতুলাগীত, বৰশী বোৱা গীত, গৰখীয়াৰ গীত, হাল বোৱা গীত ইত্যাদি। কৰ্ম বিষয়ক গীত সমূহ সাধাৰণতে কোনো কাম কৰোতে শ্ৰম লাঘব কৰিবলৈ আৰু কৰ্মত উৎসাহ পাবলৈ গোৱা হয়। ডিজিটেল প্লেটফৰ্মৰ এই প্ৰসাৰৰ যুগত অসমীয়া পুৰণি গীত–মাতসমূহ ডিজিটেলি আৰ্কাইভ কৰাৰ দাবী বহুদিনীয়া। (উৎসঃ ইণ্টাৰনেট)  

Assamese Gana - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি