মুখ্যপৃষ্ঠা » assam petrol diesel price
Today Petrol diesel price

Assam Petrol Diesel Price

পেট্ৰ’ল–ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ২০২১ বৰ্ষত জনতাক বাৰুকৈ জলা–কলা খোৱায়। অসম সহ বিভিন্ন ঠাইত পেট্ৰ’লৰ লিটাৰ ১০০ পাৰ হোৱাৰ পিচতে কেন্দ্ৰই ইন্ধনৰ আৱকাৰী শুল্ক হ্ৰাসৰ সিদ্ধান্ত ঘোষণা কৰে। তৎকালীনভাৱে ২০২১ চনৰ ৩ নৱেম্বৰ, বুধবাৰে অসমে কেন্দ্ৰই ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ কেইঘণ্টামানপিছত তাৎক্ষণিক ভাৱে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট প্ৰতি লিটাৰত ৭ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। "পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত শিকি আনন্দিত হৈছো। মাননীয় প্ৰধানমন্ত্ৰী @narendramodi সিদ্ধান্তৰ সামঞ্জস্য ৰাখি মই ঘোষণা কৰি আনন্দিত যে অসম চৰকাৰেও তাৎক্ষণিক ভাৱে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট ৭/- টকা হ্ৰাস কৰিব," তেওঁ কয়। উল্লেখ্য যে, পেট্ৰ’ল–ডিজেলৰ মূল্য প্ৰতিদিনে নিৰ্ধাৰণ হয় আৰু পুৱা ছয় বজাত এই মূল্য গ্ৰাহকে লাভ কৰিব পাৰে। কেনেকৈ গম পাব দাম? পেট্ৰ’ল–ডিজেলৰ শেহতীয়া দাম আপুনি SMSৰ জৰিয়তে জানিব পাৰে (How to check diesel petrol price daily)। ইণ্ডিয়ান অইলৰ কাষ্টমাৰে RSP লিখি 9224992249 নম্বৰত আৰু বিপিচিএলৰ উপভোক্তাই RSP লিখি 9223112222 নম্বৰত পঠিয়াই তথ্য আহৰণ কৰিব পাৰে। এচপিচিএলৰ উপভোক্তাই HPPrice লিখি 9222201122 নম্বৰত পঠিয়াই ৰেট জানিব পাৰে। পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত অত্যাধিক কৰৰ কথা কোৱা হয় আৰু ইন্ধনক জিএছটিৰ আওতালৈ আনিবলৈ বিভিন্ন সময়ত দাবী উত্থাপন কৰা হৈছে। অৱশ্যে কেন্দ্ৰই এই প্ৰসংগত এতিয়ালৈ সেউজ সংকেত প্ৰদান কৰা নাই।

Assam Petrol Diesel Price - All Results

    No stories found matching this criteria

 

এতিয়া LIVE

    শেহতীয়া বাতৰি