মুখ্যপৃষ্ঠা » assam cm himanta biswa sarma
হিমন্ত বিশ্ব শৰ্মা

Assam Cm Himanta Biswa Sarma

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ দ্বাৰা ‘উত্তৰ পূৱৰ’ চাণক্য আখ্যা লাভ কৰা অসমৰ বিচক্ষণ ৰাজনীতিবিদ হিমন্ত বিশ্ব শৰ্মা অসমৰ পঞ্চদশ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জৰিয়তে ৰাজনৈতিক জীৱনযাত্ৰা আৰম্ভ কৰা শৰ্মাই 23 আগষ্ট 2015 তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।। তেওঁ জালুকবাৰীৰ পৰা পাঁচবাৰ অসম বিধান সভাৰ নিৰ্বাচিত সদস্য। প্ৰথমবাৰৰ বাবে ২০০১ চনত তেওঁ জালুকবাৰীৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে অব্যৱস্থা অভিযোগ আনি কংগ্ৰেছৰ পৰা ওলাই আহিছিল। ২০১৬ চনত বিজেপিৰ জয়যাত্ৰাৰ সফল নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিয়ে আৰু ২৪ মে’ ২০১৬ ত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। বিজেপিয়ে তেওঁক উত্তৰ-পূব ভাৰতত দলটোৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ফেডাৰেল নেচনেল ডেমক্ৰেটিক এলায়েন্স (এন ডি এ)ৰ এক আঞ্চলিক উপ-গোট নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ (নেডা) আহ্বায়ক (নেতা) নিযুক্ত কৰে। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত অদ্বিতীয় জনপ্ৰিয়তা অৰ্জন কৰা ডঃ শর্মাক অসমৰ যুৱচামে 'মামা' সম্বোধন কৰে। শৰ্মাৰ জন্ম ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উলুবাৰীৰ গান্ধী বস্তিত। যিটো অসমীয়া ব্ৰাহ্মণ পৰিয়ালত ডঃ শৰ্মাৰ জন্ম সেইটো মূলতঃ নলবাৰী জিলাৰ লাটিমাৰ। ২০০১ চনত হিমন্ত বিশ্ব শৰ্মাই ৰিণিকি ভূঞা শৰ্মাক বিয়া কৰায়। দুয়োৰে দুটি সন্তান। জ্যেষ্ঠ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই দুন স্কুলত অধ্যয়ন কৰিছিল। আনহাতে কন্যা সুকন্যা শৰ্মাই মায়’ কলেজ গাৰ্লছ স্কুলত অধ্য়য়ন কৰা। শৰ্মাই ১৯৮৫ চনত গুৱাহাটীৰ কামৰূপ একাডেমী স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু স্নাতক শিক্ষাৰ বাবে গুৱাহাটীৰ কটন কলেজত (বৰ্তমান কটন বিশ্ববিদ্যালয় নামেৰে জনাজাত) নামভৰ্তি কৰে। কটনত থাকোতে ১৯৯১ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়। ডঃ শৰ্মা অসমৰ সপ্তমজন কটনিয়ান মুখ্যমন্ত্ৰী। ১৯৯০ চনত কলা শাখাত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰে ৰাজনীতি বিজ্ঞানত। ইয়াৰ পিছত শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৯৫ চনত অধিবক্তা হয়। তেওঁ ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ গৌহাটি উচ্চ ন্যায়ালয়ত আইনৰ অনুশীলন কৰিছিল। ২০০৬ চনত তেওঁ  গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত ডক্টৰেট অফ ফিলছফি সম্পূৰ্ণ কৰে।

Assam Cm Himanta Biswa Sarma - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি