
অক্ষয় কুমাৰ (জন্ম ৯ ছেপ্টেম্বৰ ১৯৬৭) এজন ভাৰতীয় বংশোদ্ভূত কানাডিয়ান চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক আৰু দূৰদৰ্শন ব্যক্তিত্ব। তেওঁৰ প্ৰকৃত নাম ৰজিব হৰি ওম ভাটিয়া। ২৯ বছৰতকৈও অধিক সময় ধৰি অভিনয় জীৱনত তেওঁ ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে আৰু ৰুস্তম (২০১৬)ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আৰু অজানভি (২০০১) আৰু গৰম মচলা (২০০৫)ৰ বাবে দুটা ফিল্মফেয়াৰ বঁটাসহ কেইবাটাও বঁটা লাভ কৰিছে। তেওঁ প্ৰথম বলীউড অভিনেতা আছিল যাৰ চিনেমাই ২০১৩ চনত ২০ বিলিয়ন টকাৰ উপাৰ্জন অতিক্ৰম কৰিছিল আৰু 2016 চনত 30 বিলিয়ন টকাৰ উপাৰ্জন অতিক্ৰম কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰৰ অন্যতম অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। ১৯৯০ ৰ দশকত তেওঁ মুখ্যতঃ মাৰ–পিট ধৰ্মী ছবিৰে খ্যাতি অৰ্জন কৰে। পিছলৈ তেওঁ নাটকীয়, ৰোমান্টিক আৰু কৌতুক চলচ্চিত্ৰতো অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰে। তেওঁ অভিনেত্ৰী টুইঙ্কল খান্নাৰ স্বামী আৰু অভিনেতা ৰাজেশ খান্না আৰু ডিম্পল কাপাডিয়াৰ জোঁৱাই। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগলৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে, তেওঁক ২০০৮ চনত উইণ্ডছৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰা হৈছিল। ২০০৯ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। চলচ্চিত্ৰ উদ্যোগলৈ তেওঁৰ অনন্য অৱদানৰ বাবে তেওঁক ২০১১ চনত এছিয়ান বঁটা প্ৰদান কৰা হৈছিল। অক্ষয় কুমাৰৰ জন্ম পঞ্জাৱৰ অমৃতসৰত হৈছিল। দেউতাক সামৰিক বাহিনীত আছিল। তেওঁৰ মাতৃৰ নাম আছিল অৰুণা ভাটিয়া। কুমাৰক নৃত্যৰ বাবে অধিক জনা গৈছিল। মুম্বাইলৈ অহাৰ আগতে তেওঁ দিল্লীৰ চান্দনী চকত বাস কৰিছিল। তেওঁ মুম্বাইৰ কলিওৱাৰাত বাস কৰিছিল, তাত থকা বেছিভাগ লোক পাঞ্জাৱী আছিল। তেওঁ মুম্বাইৰ ডন বস্কো স্কুলত পঢ়িছিল আৰু পিছত মুম্বাইৰ গুৰু নানক খালচা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। কুমাৰৰ ভগ্নীৰ নাম অলকা ভাটিয়া। টাইকোৱাণ্ডোত ব্লেক বেল্ট পোৱাৰ পিছত, তেওঁ অধিক মাৰ্শাল আৰ্ট শিকিবলৈ বেংককলৈ গৈছিল। পিছত থাইলেণ্ডত, তেওঁ মুই থাই শিকাৰ পিছত ৰেষ্টুৰেণ্টত প্ৰধান ৱেইটাৰ হিচাপে কাম কৰিছিল। তেওঁ বাংলাদেশৰ ঢাকাৰ হোটেল পূৰ্বাৱনীত কিছু সময়ৰ বাবে ৰান্ধনী হিচাপেও কাম কৰিছে। তেওঁ ভাৰতৰ পশ্চিম বংগৰ কলকাতাত এটা ভ্ৰমণ সংস্থাতো কাম কৰিছে। মুম্বাইলৈ উভতি অহাৰ সময়ত তেওঁ সমৰ কলা শিকোৱা আৰম্ভ কৰে। তেওঁৰ এজন শিক্ষাৰ্থী, ফটোগ্ৰাফাৰে কুমাৰক মডেলিং কৰিবলৈ পৰামৰ্শ দিছিল, যিয়ে তেওঁৰ চলচ্চিত্ৰত আত্মপ্ৰকাশৰ প্ৰথম পদক্ষেপ লৈছিল।
Akshay Kumar - All Results