aishwarya rai

Aishwarya Rai

ঐশ্বৰ্য ৰায় যাক বিবাহৰ পিছত ঐশ্বৰ্য ৰায় বচ্চন বুলি জনা যায়, (জন্ম ১ নৱেম্বৰ, ১৯৭৩), এগৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন বিশ্ব সুন্দৰী। অভিনয়ত আত্মপ্ৰকাশ কৰাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰিছিল আৰু ১৯৯৪ চনত বিশ্ব সৌন্দৰ্যখিতাপ জয় কৰাৰ পিছত যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ সমগ্ৰ কেৰিয়াৰত, ৰায়ে চল্লিশখনতকৈও অধিক হিন্দী, ইংৰাজী, তামিল আৰু বাংলা চলচ্চিত্ৰত অভিনয় কৰিছে, যাৰ ভিতৰত আছে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ। প্ৰায়ে সংবাদ মাধ্যমত বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা হিচাপে পৰিগণিত হোৱা ৰায়ে মণি ৰত্নমৰ তামিল চলচ্চিত্ৰ ইৰুভাৰ (১৯৯৭)ত অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে আৰু তামিল চলচ্চিত্ৰ জিনছ (১৯৯৮)ত প্ৰথম বাণিজ্যিক সফলতা লাভ কৰে। সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত হাম দিল দে চুকে চানম (১৯৯৯)ত অভিনয়কৰি তেওঁ বলীউডৰ দৃষ্টি আকৰ্ষণ কৰিছিল। চলচ্চিত্ৰখনতে চলমান খানৰ সৈতে সম্পৰ্ক হয় কিন্তু এই সম্পৰ্কটো বেছি দীঘলীয়া হোৱা নাছিল। ছবিখনত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁ ২০০২ চনত ভাঞ্চালীৰ পৰৱৰ্তী ছবি দেৱদাসত অভিনয় কৰিছিল। যাৰ বাবে তেওঁ দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। 2003 চনৰ পৰা 2005 চনলৈ, এইটো তেওঁৰ কেৰিয়াৰৰ অলপ বেয়া সময় আছিল। তাৰ পিছত তেওঁ ব্লকবাষ্টাৰ ছবি ধুম ২ (২০০৬)ত অভিনয় কৰে। এই ছবিখন বলীউডত তেওঁৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সফলতা আছিল। পিছলৈ তেওঁক গুৰু (২০০৭) আৰু যোধা আকবৰ (২০০৮)ত অভিনয় কৰা দেখা গৈছিল, যিবোৰ অৰ্থনৈতিকভাৱে সফল চলচ্চিত্ৰ আছিল আৰু এই চলচ্চিত্ৰসমূহত তেওঁলোকৰ অভিনয়ৰ বাবে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ৰায়ে এনেদৰে নিজকে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত সফল অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল। ৰায় অভিনেতা অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁ অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ বোৱাৰী। বিয়াৰ পিছত তেওঁক ঐশ্বৰ্য ৰায় বচ্চন হিচাপে জনা যায়। ঐশ্বৰ্য ৰায় বচ্চনৰ জন্ম হৈছিল মাংগালুৰুৰ কৃষ্ণৰাজ ৰায় আৰু বৃন্দা ৰায়ৰ ঘৰত। তেওঁৰ জ্যেষ্ঠ ভাতৃৰ নাম আদিত্য ৰায়। তেওঁ বাণিজ্যিক নৌবাহিনীৰ এজন মাৰ্চেণ্ট নেভি আৰু তেওঁ দিল কা ৰিস্তা নামৰ ৰায়ৰ এখন চলচ্চিত্ৰও সহ-প্ৰযোজনা কৰিছিল। সৰুতে, তেওঁৰ পিতৃ-মাতৃ মুম্বাইলৈ যায় আৰু তেওঁ ছাণ্টা ক্ৰুজৰ আৰ্য বিদ্যা মন্দিৰ উচ্চ বিদ্যালয়ত অধ্যয়ন কৰে। তাৰ পিছত এবছৰৰ বাবে ৰায়ে চাৰ্চ গেটৰ জয় হিন্দ মহাবিদ্যালয়ত অধ্যয়ন কৰে আৰু তাৰ পিছত মাতুঙ্গাৰ ৰূপৰেল মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক (এইচএছচি) অধ্যয়ন কৰে। স্কুলত পঢ়ি থাকোঁতে তেওঁ এগৰাকী অতি প্ৰতিভাশালী ছাত্ৰী আছিল আৰু পিছত স্থপতিবিদ হোৱাৰ পৰিকল্পনাৰে স্থাপত্য বিদ্যা অধ্যয়ন আৰম্ভ কৰিছিল। ঐশ্বৰ্যই স্থাপত্য বিদ্যা অধ্যয়ন আৰম্ভ কৰিছিল কিন্তু মডেলিঙক জীৱিকা হিচাপে ল'বলৈ ইয়াক এৰি দিব লগা হৈছিল। যদিও তেওঁৰ মাতৃভাষা টুলু হ’লেও তেওঁ হিন্দী, ইংৰাজী, মাৰাঠী আৰু তামিল ভাষা সাৱলীলভাৱে ক'ব পাৰে।

Aishwarya Rai - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি