আধাৰ হল বাৰটা অংকৰ এটা একক বা অনন্য (Unique) সংখ্যা । এই সংখ্যাটোৱে এজন ভাৰতীয় আৱাসীৰ ডেম’’গ্ৰাফিক আৰু বায়’মেট্ৰিক তথ্যসমূহ সন্নিবিষ্ট কৰি ৰাখি ব্যক্তি জনৰ অনন্য পৰিচয় বহন কৰে ।
আধাৰৰ উপযোগিতা কি ?
(ক) এজন আবাসীৰ ক্ষেত্ৰতঃ যিসকল লোক সমাজৰ আটাইতকৈ নিস্পেষিত তথা চৰকাৰী কোনো আচনিয়ে ঢুকি নোপোৱা পৰ্যায়ৰ, সেই সকলৰ পৰিচয় প্ৰদানৰ কোনো নথি থকা দেখা নেযায় । এই ক্ষেত্ৰত আধাৰ কাৰ্ড বা আধাৰ এক গুৰুত্বপূৰ্ণ নথি হিচাপে কামত দিয়ে । কিয়নো, ই প্ৰদান কৰা পৰিচয়ৰ যোগেদি তেওঁলোকে চৰকাৰী কোনো আচনি বা বেংকৰ একাউণ্ট আদি খোলা কাৰ্যত