কোৰোণা সংক্ৰমণ ৰোধৰ বাবে মুখত মাস্ক পৰিধান কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই আহ্বান জনাইছে। কিন্তু এজন যুৱকে মাস্ক মুখত পৰিধান কৰাৰ পৰিৱৰ্তে পৰিধান কৰিলে যৌনাংগত। ঘটনাটো সংঘটিত হৈছে লণ্ডনৰ ৰাজপথত। যুৱকজনৰ এনে কাণ্ড দেখি হতবাক সকলো। সংবাদসংস্থা Reutersত প্ৰকাশ পোৱা খবৰ অনুসৰি, অক্সফোৰ্ড ষ্ট্ৰীটৰ কাষত প্ৰায় নগ্ন হৈ ঘূৰিছে যুৱকজন। যৌনাংগত লগাই লৈছে এখন মাস্ক। যুৱক এনে কাণ্ড বহুতে আবদ্ধ কৰিলে কেমেৰাত। আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। পিছে কি কাৰণে যুৱকজন এনেদৰে ঘূৰিলে, সেয়া এতিয়াও পোহৰলৈ অহা নাই।