জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত শনিবাৰে হোৱা এক অভিনৱ প্ৰতিবাদৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈছে। কোৱা হৈছে যে সেই সময়ত আৰক্ষীও হতভম্ব হৈছিল যেতিয়া মহিলাসকলে ৰাজপথত টপলেছ হৈ নামি পৰিছিল। আনহাতে, পুৰুষে ব্ৰা আৰু বিকিনী পিন্ধি নামিছিল প্ৰতিবাদত। এই লোকসকলে লিংগ সমতা (Gender Equality)ৰ দাবী তোলে। ফ্ৰান্সৰ এগৰাকী মহিলাই টপলেছ হৈ ৰ’দ লৈ থকাৰ বাবে চহৰৰ এখন ৱাটাৰ পাৰ্কৰ পৰা আৰক্ষীয়ে বাহিৰ কৰি দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে। এই ঘটনাটো বিগত মাহৰ, কিন্তু আৰক্ষীৰ এই পদক্ষেপে এক বৃহৎসংখ্যক মহিলাক ক্ষোভিত কৰি তোলে। সেইবাবেই প্ৰতিবাদত অংশ লোৱা মহিলাসকলে নিজৰ শৰীৰত ‘মাই বডী মাই চইচ’ৰ দৰে শ্লোগান লিখি লৈছিল। ডেইলী মেইলৰ ৰিপ’ৰ্ট অনুসৰি, ফ্ৰান্সৰ মহিলাগৰাকীয়ে এজন বন্ধু আৰু দুই সন্তানৰ সৈতে ছুইম পাৰ্কলৈ গৈছিল। সেই সময়ত তেওঁ ছুইম শ্বুট পিন্ধি আছিল। কিন্তু কিছু সময় পিছত মহিলাগৰাকীয়ে টপলেছ হৈ ছানবাথ ল’বলৈ ধৰে, যাৰ বিৰোধিতা কৰিছিল নিৰাপত্তাৰক্ষীয়ে। তাত থকা নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীক বুকু ঢাকিবলৈ কোৱাত মহিলাগৰাকীয়ে কয় যে যদি পুৰুষে টপলেছ হৈ পাৰ্কত থাকিব পাৰে তেন্তে তেওঁ কিয় নোৱাৰে? এই লৈ তৰ্কাতৰ্কি হোৱাৰ পিছত মহিলাগৰাকীক পাৰ্কৰ পৰা বাহিৰ কৰি দিয়ে নিৰাপত্তাৰক্ষীয়ে। মহিলাগৰাকীক পাৰ্কৰ পৰা বাহিৰ কৰাৰ বিৰোধিতাৰে আয়োজিত প্ৰতিবাদত পুৰুষসকলে ব্ৰা পিন্ধি প্ৰতিবাদ কৰাৰ বিপৰীতে মহিলাসকলে টপলেছ হৈ নিজৰ শৰীৰত বিভিন্ন শ্লোগান লিখি সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰে।