গাড়ীত ঘৰলৈ উভতাৰ সময়ত ৰাস্তাৰ মাজতে শেষ হৈছিল পেট্ৰ’ল। ফোন কৰি সেই কথা স্বামীক জনাইছিল মহিলাগৰাকীয়ে। কিন্তু সেইময়তে দুজন বন্দুকধাৰী যুৱকে আক্ৰমণ কৰে মহিলাগৰাকীক। সন্তানৰ সন্মুখতে মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে দুয়োটা লম্পটে। আনকি মহিলাগৰাকীৰ পৰা কাঢ়ি লৈ যায় এ টি এম কাৰ্ড সহ পিন্ধি থকা সোণৰ অলংকাৰ। ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ দেশ।