তালিবানৰ জিঘাংসাৰ পৰা নিজক বচাই ৰাখিবলৈ তালিবানৰ চকুত ধূলি দি নাদিয়া গুলামে (Nadia Ghulam) জীৱনৰ ১০ বছৰ কাল পুৰুষৰ দৰে থাকি জীৱন অতিবাহিত কৰিলে। তেওঁ আফগানিস্তানৰ নাগৰিক আছিল। তালিবান শাসনলৈ আহাৰ পাছত মহিলাৰ পঢ়া-শুনা অথবা চাকৰি কৰিবলৈ বাধা নিষেধ আৰোপ কৰা হৈছিল। অতি কম বয়সৰ পৰা পৰিয়াল ভৰণ-পোষণ কৰিবলগীয়া হোৱাৰ বাবে তেওঁ নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখিবলগীয়াত পৰিছিল। যাৰ বাবে প্ৰতিপল জীৱন-মৰণৰ শংশয়ত দিন পাৰ কৰিছিল।
নাদিয়াই নিজৰ চাৰিওফালৰ পৰিস্থিতি দেখি সিদ্ধান্ত ল'লে, যিটো কেৱল কঠিনেই নাছিল লগতে এনে ক্ষেত্ৰত অতি বিপদজ্জনকো আছিল। মাত্ৰ ১১ বছৰ বয়সতে নাদিয়াই নিজৰ পৰিচয় শেষ কৰি পেলাইছিল আৰু তেওঁ ছোৱালীৰ পৰিৱৰ্তে ল'ৰাৰ বেশভূষাৰে সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। তেওঁ কঠোৰভাবে সিদ্ধান্ত গ্ৰহণ কৰি পেলাইছিল যে নিজৰ জীৱনৰ সংঘৰ্ষ নিজেই কৰি যাব আৰু পিছলৈ কেতিয়াও উভতি নেচায়।
নাদিয়া গুলামে অতি কম বয়সতে সাংঘাটিক ডাঙৰ এটা সিদ্ধান্ত লৈ জীৱনৰ ৰিস্ক লৈ পেলাইছিল। তেওঁ নিজৰ সৰু ভায়েকৰ পৰিচয়েৰে সকলোৰে সন্মূখলৈ আহিছিল। নাদিয়াই তালিবানৰ দৰে ভয়ংকৰ শাসনৰ মাজতো নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে এই সকলোবোৰ ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল। বহুবাৰ তেওঁৰ আচল পৰিচয় ফাদিল হোৱাৰ উপক্ৰমো হৈছিল, কিন্তু তেওঁৰ ভাগ্যৰ সুপ্ৰসন্ন হোৱা বাবে যেনে-তেনে সাৰি আহিবলৈ সক্ষম হৈছিল।
তেওঁ বৰ্তমান স্পেইনত আফগান শৰণাৰ্থী (Afghan Refugee) হিচাপে জীৱন অতিবাহিত কৰি আছে। সাংবাদিক এগনেছ (Agnes Rotger)ৰ সৈতে মিলি তেওঁ নিজৰ জীৱনৰ ওপৰত আধাৰিত এখন কিতাপো লিখিলে। নাদিয়াই বহু আগৰে পৰাই কৈ আহিছিল যে, তালিবান আফগানিস্তানৰ পৰা ক'তো যোৱা নাই। নাদিয়াই বহুবাৰ অভিযোগ কৰি আহিছে যে, ইউৰোপ আৰু বাকী দেশবোৰৰ সেনাই আফগানিস্তানৰ জনসাধাৰণৰ অস্ত্ৰ তুলি দিছে আৰু তেওঁললোকৰ সৈতে কেৱল প্ৰবঞ্চনা কৰি আছে। (All Photo Credit- Instagram/Nadia Ghulam)