অন্য সাধাৰণ নৱজাতকৰ তুলনাত এই শিশুৰ আকাৰ প্ৰায় দুগুণ। শিশুৰ বাবে প্ৰস্তুত কৰা বিশেষ মাপ স্কেল বা ওজন জোখা কোনো যন্ত্ৰই দিয়া নাই কাম। ইমানেই ডাঙৰ শিশু ! এনে এটি সন্তানেই জন্ম দিলে ইংলেণ্ডৰ এগৰাকী ২৭ বছৰীয়া মহিলাই। জনা গৈছে যে, প্ৰসৱৰ সময়ত শিশুটিক এজন লোকে গৰ্ভৰ পৰা বাহিৰ কৰাটো সম্ভৱ নাছিল। দুজনৰ চেষ্টাত ভূমিষ্ঠ হয় সন্তানটি। সদ্যোজাত শিশুটিৰ ওজন প্ৰায় ৫.৫ কেজি। উচ্চতা প্ৰায় ২ ফুট। মাৰ্চৰ ২৫ তাৰিখে এমি আৰু তেওঁৰ স্বামী জেকীৰ সংসাৰলৈ আহিল পুত্ৰ সন্তান। সদ্যোজাতৰ নাম ৰখা হৈছে জ্যাগৰী। দুটা সন্তানৰ মাতৃ এমিয়ে জনাইছে যে, জ্যাগৰীৰ ওজন আৰু দৈৰ্ঘ্যৰ বাবে এক অন্য পদ্ধতিৰে জন্ম দিয়া হৈছে। প্ৰথমে যেতিয়া ডাক্তৰে স্ক্ৰীণৰ ওপৰত এমি আৰু জ্যেকক সন্তানটি দেখাইছিল, তেওঁলোক আচৰিত হৈ পৰিছিল। এতিয়া এই সন্তানটিয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।