ইউটিউব চেনেল আফ্ৰিমেক্স (Afrimax)ৰ মতে, মধ্য আফ্ৰিকাৰ (Central Africa) Ugandaৰ ওচৰৰ কিছুমান লোকে দাবি কৰে যে তেওঁলোকৰ মৌমাখি নিয়ন্ত্ৰণ কৰাৰ বিশেষ ক্ষমতা আছে। ইয়াক ব্যৱহাৰ কৰি, তেওঁলোকে মৌমাখিবোৰ তেওঁলোকৰ নিয়ন্ত্ৰণত ৰাখে। নাদীচাবা (Nadisaba)ও তেওঁলোকৰ মাজৰে এজন। তেওঁ কয় যে তেওঁৰ শৰীৰত লাখ লাখ মৌমাখি পালন কৰাৰ পাছতো আজিলৈকে এটাও মৌমাখিয়ে তেওঁক কামুৰিব নাই।
নদীচাবা (Ndayisaba)) যোৱা ৩০ বছৰ ধৰি তেওঁৰ শৰীৰত মৌমাখি পালন কৰি আহিছে। নদীচাবাই শৰীৰত কাপোৰৰ নামত কেৱল এটা হাফ পেণ্ট পিন্ধে, আৰু মৌমাখিৰ জাকটোৱে তেওঁৰ শৰীৰত এনেদৰে লাগি থাকে যেন তেওঁ প্ৰলেপ দিহে থোৱা আছে আছে। নদীচাবাৰ ফটোবোৰ সামাজিক মাধ্যম (Social Media)লৈ যোৱাৰ পিছৰে পৰা তেওঁ যথেষ্ট বিখ্যাত হৈ পৰিছে।
এনেদৰে, তেওঁ লাহে লাহে গোটেই মৌমাখিবোৰ নিজৰ ফালে আকৰ্ষিত কৰি তোলে। ৰাণী মৌমাখি (Queen Bee)ক নিজৰ সৈতে সংলগ্ন কৰি ৰাখিবলৈ তেওঁলোকে কঁকালত এবিধ বিশেষ ধৰণৰ বেল্ট বান্ধি লয়। বাকী মৌমাখিবোৰে আপুনা-আপুনি তেওঁলোকৰ ৰাণীক সুৰক্ষা দিবলৈ আৰু তাইৰ চাৰিওফালে ঢাল হিচাপে তেওঁৰ শৰীৰত বাহ পাতে। নদীচাবাই দীৰ্ঘদিন ধৰি এনেদৰে নিজ শৰাৰত মৌ-মাখি পুহি আহিছে, আচৰিত কথা এয়ে যে, তেওঁক কেতিয়াও মৌমাখিয়ে কামুৰি পোৱা নাই।
নদীচাবাই সৰুৰে পৰাই মৌমাখি পালন কৰি আহিছে। তেওঁ মৌমাখিিবোৰক কেনেদৰে নিয়ন্ত্ৰন কৰিব লগে সেয়া ভালদৰে জানে। কাণ আৰু নাক কপাহেৰে ঢাকি দিয়াৰ পিছত, তেওঁ চকু আৰু ওঁঠৰ তলত ভেচেলিন ঘঁহি লয়, যাতে মৌমাখিবোৰে এই অংশবোৰত পৰিব নোৱাৰে। সংবেদনশীল অঙ্গবোৰ সুৰক্ষিত কৰাৰ পিছত, তেওঁ মৌমাখিক তেওঁৰ শৰীৰলৈ আমন্ত্ৰণ কৰে।