সমগ্ৰ আফগানিস্তানত তাণ্ডৱ চলাইছে তালিবানে। সন্ত্ৰাসবাদীসকলে আফগানিস্তানৰ ৰাজধানী কাবুলো দখল কৰাৰ পথত। এখনৰ পিছত আনখন চহৰ–গাঁও দখল কৰিছে তালিবানে। লগতে নিৰীহ মানুহক হত্যাসহ মহিলাসকলক ঘৰৰ পৰা উঠাই নি যৌনদাসী বনাইছে সন্ত্ৰাসবাদীয়ে। আৰু ইয়াৰ মাজতে তালিবানৰ যমদূত হৈ দেখা দিছে এগৰাকী মহিলা ৰাজ্যপাল। হাতত বন্দুক তুলি লৈছে এইগৰাকী সাহসী মহিলাই।
সাধাৰণ মানুহক তালিবানৰ বিৰুদ্ধে একত্ৰ কৰিছে ছালিমাই। ছালিমাৰ নিজৰ আহ্বানক সঁহাৰি জনাই তেওঁক ৰাজ্যপাল পদত নিযুক্ত কৰিছিল আফগান চৰকাৰে। ইয়াৰ পিছত ছালিমাই তালিবান সন্ত্ৰাসবাদীৰ কথা মনত ৰাখি নিৰাপত্তা কমিচন স্থাপন কৰে। আৰু আজি যেতিয়া পুনৰ আফগানিস্তান দখল কৰিছে তালিবানে, এই সময়তে বীৰদৰ্পে নামি পৰিছে ছালিমা।