

ঠাণ্ডাৰ দিনত বহুতেই গা ধুবলৈ নিবিচাৰে। শীত কালত পানীৰ পৰা বহুতে দূৰত থাকে। কিন্তু এতিয়া যাৰ কথা ক’বলৈ লৈছো, যাক ফটোত দেখিছে তেওঁৰ বয়স ৮৭ বছৰ। তাৰ ভিতৰত ৬৭ বছৰ গাত পানী ঢলা নাই। অৰ্থাৎ তেওঁ ইমান বছৰ গা ধোৱা নাই। মুখো ধোৱা নাই ইমান বছৰে। বিশ্বৰ আটাইতকৈ লেতেৰা মানুহ তেওঁ। জানক তেওঁৰ বিষয়ে। (Pic- zmescience.com)


লোকজনৰ নাম আমো হাজি। থাকে ইৰাণত। তেওঁৰ বয়স ৮৭ বছৰ। তেওঁ বিগত ৬৭ বছৰ ধৰি গা ধোৱা নাই। (Pic- zmescience.com)


আমো হাজিয়ে গা নোধোৱাৰ কাৰণ হ’ল তেওঁ পানীক ভয় কৰে। তেওঁৰ ভয় গা ধুলে অসুস্থ হৈ পৰিব। তেওঁ বিশ্বাস কৰে যে পৰিষ্কাৰ–পৰিচ্ছন্নতাই তেওঁক অসুস্থ কৰি পেলাব। (Pic- zmescience.com)


হাজিৰ খোৱা–লোৱা আৰু খোৱাৰ পদ্ধতিও ভয়ংকৰ। তেওঁ পশুৰ পচা মাংস খাবলৈ ভাল পায়। তেওঁ মাজে মাজে একেলগে পাঁচটা চিগাৰেট জ্বলাই খায়। (Pic- zmescience.com)


তেওঁ ধূমপান কৰি ভাল পায়। কিন্তু তেওঁ সাধাৰণতে পুৰণি পাইপেৰে পশুৰ শুকান মল জ্বলাই ধূমপান কৰে। (Pic- zmescience.com)