এই পৰ্যন্ত সকলো ভেকচিনৰ কাম ভালকৈ চলিলেও হঠাৎ ব্ৰিটেইনত কোৰোণা ভেকচিনৰ পৰীক্ষাত দেখা দিলে বিপত্তিয়ে। AstraZeneca–ৰ ভেকচিন লোৱাৰ পিছত হঠাৎ অসুস্থ হৈ পৰে এজন ব্যক্তি। এই কাৰণত সাময়িক ভাৱে স্থগিত কৰি দিয়া হয় ভেকচিনৰ ট্ৰায়েল। অক্সফ’ৰ্ড ইউনিভাৰ্চিটিৰ সৈতে AstraZeneca–ই কোৰোণাৰ ভেকচিন প্ৰস্তুত কৰিবলৈ কাম কৰিছে। সংস্থাৰ মুখপাত্ৰই জনোৱা মতে, সদ্যহতে ৰেণ্ডম টেষ্টৰ জৰিয়তে কোৰোণা ভাইৰাছৰ ভেকচিনৰ পৰীক্ষা চলিছিল। কিন্তু বৰ্তমান সেয়া বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। সংবাদ মাধ্যমৰ ফালৰ পৰা ইয়াৰ কাৰণে সোধাত তেওঁ জনায়, এই ভেকচিন গ্ৰহণ কৰাৰ পিছত হঠাৎ এজন ব্যক্তি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। শুদ্ধ তদন্তৰ খাতিৰতে বৰ্তমান সেয়ে ট্ৰায়েল বন্ধ কৰা হৈছে। এই ক্ষেত্ৰত সংস্থাই জনায় যে, অধিক হাৰত ভেকচিনৰ ট্ৰায়েল কৰিলে এনে ধৰণৰ অসুস্থতা দেখা যায়েই। অৱশ্যে, কি কাৰণে ব্যক্তিজন অসুস্থ হৈ পৰিল সেয়া এতিয়াও স্পষ্ট কৰা নাই সংস্থাই। উল্লেখ্য যে, AstraZeneca হৈছে তৃতীয়টো সংস্থা যি বৃহৎ মাত্ৰাত ভেকচিনৰ তৃতীয় ঢাপৰ ক্লিনিকেল ট্ৰায়েল কৰিছে।