ৰুপ-সৌন্দৰ্য, যশ-খ্যাতি আৰু সম্পদ- এই সকলোবোৰ একেলগে পোৱাটো ডাঙৰ সৌভাগ্যৰ বিষয়। ব্ৰিটেইনৰ সৌন্দৰ্যৰ ৰাণী (Beauty Queen) ক্ৰিষ্টি বাৰ্টাৰেলি (Kirsty Bertarelli) এনে এগৰাকী সৌভাগ্যশালী মহিলা।ৰূপ আৰু গণৰ লগতে আছে বিশাল সম্পত্তিও। বৰ্তমান স্বামীৰ পৰা পৃথক হোৱাৰ বাবে বিশ্বজুৰি শিৰোনাম দখল কৰিছে ক্ৰিষ্টিয়ে।
ক্ৰিষ্টি কেৱল এগৰাকী সৌন্দৰ্যৰ ৰাণীয়েই নহয়, বৃটেইনৰ এগৰাকী জনপ্ৰিয় মডেল আৰু পপ গায়িকাও। তেওঁৰ ভালে সংখ্যক অনুৰাগী আছে। তেওঁ তেওঁৰ স্বামী আৰ্নেষ্টোৰ পৰা বিবাহ বিচ্ছেদৰ নিষ্পত্তি হিচাপে £350 নিযুতকৈ অধিক লাভ কৰিছে। তেওঁ বিখ্যাত পপ গায়ক এড শ্বিৰিন (£220million), ছাৰ মিক জেগাৰ (£310million) আৰু এডেল (£140million)কো অতিক্ৰম কৰিছে।