থাইলেণ্ড চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। জনতাই কেৱল চৰকাৰৰ বিৰুদ্ধে নহয়, থাইলেণ্ডৰ ৰজা মাহা বাজিৰালঙকৰ্ণৰ বিৰুদ্ধেও কৰিছে ধাৰাবাহিক প্ৰতিবাদ। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুত ছানে পদত্যাগ কৰাৰ পিছত দেশখনত বিভিন্ন ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। চাৰি জন লোকতকৈ অধিক লোক একে ঠাইতে গোট খোৱাত এতিয়া আছে বাধা। তাৰ পিছতো কিন্তু দেশখনত এতিয়া ৰাজতন্ত্ৰৰ পৰিৱৰ্তে লোকতন্ত্ৰ জিন্দাবাদ ধ্বনি দিয়া শুনিবলৈ পোৱা গৈছে।
ৰাজতন্ত্ৰৰ বিৰুদ্ধে থাইলেণ্ডত হোৱা প্ৰতিবাদৰ যুক্তি নথকাও নহয়। যিসময়ত কোৰোণাৰ ফলত দেশখনৰ জনতা ব্যাপক ভাবে ক্ষতিৰ সন্মুখীন হৈছে, সেই সময়তে দেশখনৰ ৰজা মাহা বাজিৰালঙকৰ্ণে নিজৰ ২০ গৰাকী Sex Soldiers, চাৰিগৰাকী পত্নী, আৰু নিজৰ সহায়ক-সহায়কাৰীক লগত লৈ জাৰ্মানীৰ এখন হোটেলত দিন পাৰ কৰিছে। আনকি ফাইভ ষ্টাৰ হোটেল খন ৰজা আৰু তেওঁৰ অনুগত সকলৰ বাবে বুকিং কৰা হৈছে।
জে’লৰ পৰা ওলোৱাৰ পিছতে ৰজাৰ সৈতে থাকিবলৈ পত্নীগৰাকীক জাৰ্মানীলৈ পঠিয়াই দিয়া হয়। আৰু এতিয়া এমাহ ধৰি জাৰ্মানীতে আছে। জাৰ্মানী চৰকাৰেও ৰজাক সেৱা কৰিবলৈ হোটেলৰ কৰ্মচাৰীক সম্পূৰ্ণ ৰূপে বৰ্তী কৰোৱাইছে। হোটেলখনত নিজৰ সুবিধাৰ বাবে থাইলেণ্ডৰ ৰজাই এটা ৰুম সম্পূৰ্ণ ৰাজ প্ৰসাদৰ দৰে সজাই লৈছে। থাইলেণ্ডৰ ৰজাৰ ইমানেই ক্ষমতা যে, নিজৰ পোহনীয়া কুকুৰটোক দিছে দেশখনৰ শীৰ্ষ বায়ু সেনা বিষয়াৰ সম পৰ্যায়ৰ পদ।
কোৰোণা সংক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱা জৰ্মানীলৈ নিজৰ ২০ গৰাকী Sex Soldiersৰ সৈতে আঁতৰি গ’ল ৰজা। আৰু এতিয়া জাৰ্মানীত কটাইছে বিলাস বহুল জীৱন। ইফালে দেশখনৰ জনসাধাৰণতে এতিয়া ভুগিছে দুৰ্ভোগ। দেশখনৰ থকা আইন অনুসৰি, ৰজাৰ বিৰুদ্ধে কোনোৱে কটু মন্তব্য কৰিলে ১৫ বছৰ পৰ্যন্ত জে’লৰ শাস্তি লাভ কৰিব। ইয়াৰ পিছতো এতিয়া দেশখনত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ দাবীত চৌদিশে প্ৰতিবাদ অব্যাহত আছে।