আফগানিস্তানত তালিবানে ক্ষমতা দখলৰ পিছতে এইবাৰ চৰ্চালৈ আহিছে দেশখনৰ ক্ৰিকেট বোৰ্ড। বৃহস্পতিবাৰে কাবুলস্থিত আফগানিস্তান ক্ৰিকেট বোৰ্ডৰ কাৰ্যালয়লৈ আহে তালিবান। সেই ফটো ভাইৰেল হয় ইণ্টাৰনেটত। আৰু এই ফটোত আফগানিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ আবদুল্লা মাজাৰিকো দেখা পোৱা গৈছিল। ক্ৰিকেটাৰজনে যোগদান কৰিলে নেকি তালিবানত?