<br />তালিবানে (Taliban) এতিয়া আফগানিস্তান (Afghanistan) দখলৰ পিছত চৰকাৰ গঠনৰ প্ৰস্তুতি বৃদ্ধি কৰিছে। মন্ত্ৰীসকলৰ নাম চূড়ান্ত কৰা হৈছে। কিছুমান অন্তৱৰ্তীকালীন মন্ত্ৰীকো নিযুক্তি দিয়া হৈছে। আল জাজিৰা চেনেলৰ বাতৰি অনুসৰি তালিবানে বিশ্বৰ আটাইতকৈ বিপদজনক কাৰাগাৰ বন্দী আৰু শান্তি আলোচনাৰ বিৰোধী মোল্লা আব্দুল কাইয়ুম জাকিৰক (Mullah Abdul Qayyum Zakir) Defence Minister নিযুক্তি দিছে।
<br />মোল্লা আব্দুল কাইয়ুম জাকিৰ এজন অভিজ্ঞ তালিবান সেনাপতি। তেওঁ তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ এজন ঘনিষ্ঠ সহযোগী। ৰয়টাৰৰ মতে, ২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন বাহিনীয়ে তেওঁক বন্দী কৰিছিল। তেওঁক ২০০৭ চনলৈকে গুয়ান্তানামো বে কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। পিছত তেওঁক মুক্তি দিয়া হৈছিল আৰু আফগান চৰকাৰক হস্তান্তৰ কৰা হৈছিল।