দেৱালীৰ সময়তে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ মঙলবাৰে অৰ্থাৎ ২৫ অক্টোবৰত দেখা গ’ল। ভাৰতীয় সময় অনুসৰি দিনৰ ২.২৯ বজাত আইচলেণ্ডত প্ৰথম আৰম্ভ হৈছিল সূৰ্যগ্ৰহণ। (এই ছবিখন দিল্লীৰ) বছৰটোৰ শেষৰটো সূৰ্যগ্ৰহণৰ বিশেষ তাৎপৰ্য আছিল। সেয়া আছিল আংশিক সূৰ্যগ্ৰহণ। এই বছৰৰ আৰম্ভণিতে এপ্ৰিল মাহত সূৰ্যগ্ৰহণ হৈছিল। বছৰটোৰ এইটো আছিল দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণ। (কুৰুক্ষেত্ৰত সূৰ্যগ্ৰহণ দৃশ্যমান) ভাৰতৰ পঞ্জাৱৰ অমৃতসৰত প্ৰথম সূৰ্যগ্ৰহণ দেখা গৈছিল। আপোনালোকক কওঁ যে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু অংশৰ বাহিৰে ভাৰতৰ প্ৰায়বোৰ ঠাইত ই দৃশ্যমান আছিল। (এই ছবিখন ভুবনেশ্বৰৰ) সংবাদ মাধ্যমৰ খবৰ অনুসৰি, সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰই সূৰ্যক ৪০ শতাংশতকৈ অধিক আৱৰি ৰখা দৃশ্য দেখা গৈছিল দিল্লীত। দিল্লীত সূৰ্যগ্ৰহণৰ আৰম্ভণিৰ পৰা সূৰ্যাস্তলৈকে সময় আছিল এক ঘণ্টা ১৩ মিনিট। (চণ্ডীগড়ত সূৰ্যগ্ৰহণ দৃশ্যমান) প্ৰায় ২৭ বছৰৰ পিছত দীপাৱলীৰ পিছদিনা সংঘটিত হৈছে এই আংশিক সূৰ্যগ্ৰহণ। শ্ৰীনগৰ, জম্মু, মুম্বাই, গোৰখপুৰকে ধৰি দেশৰ বহু ঠাইত আংশিক সূৰ্যগ্ৰহণৰ এই দৃশ্য দেখা গৈছিল। (জম্মুত সূৰ্যগ্ৰহণ দৃশ্যমান) উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজতো সূৰ্যগ্ৰহণৰ সময়ত মানুহে সংগমত ডুব গৈছিল। (লক্ষ্ণৌত সূৰ্যগ্ৰহণ দৃশ্যমান) দেশৰ বহু ঠাইত আংশিক সূৰ্যগ্ৰহণ দেখা গৈছিল। শ্ৰীনগৰত সূৰ্যৰ সৰ্বোচ্চ অস্পষ্টতা ৫৫ শতাংশ পৰ্যবেক্ষণ কৰা হৈছিল। সন্ধিয়া ৪:২৯ বজাত দিল্লীত আৰম্ভ হয় সূৰ্যগ্ৰহণ। বিষয়াসকলে জনোৱা মতে, অমাৱস্যাৰ দিনা যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজলৈ আহে আৰু তেতিয়া আংশিক সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰা যায়। (বঙাইগাঁওত সূৰ্যগ্ৰহণ দৃশ্যমান) হিন্দু বিশ্বাস অনুসৰি সূৰ্যগ্ৰহণৰ সময়ত কুৰুক্ষেত্ৰৰ পৱিত্ৰ হ্ৰদত স্নান কৰাটো শুভ বুলি গণ্য কৰা হয়। আপোনালোকক কওঁ যে ইউৰোপ, মধ্যপ্ৰাচ্য, আফ্ৰিকাৰ উত্তৰ-পূব অংশ, পশ্চিম এছিয়া, উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ ভাৰত মহাসাগৰৰ অঞ্চলতো সূৰ্যগ্ৰহণ দৃশ্যমান হৈছিল। এই ছবিখন বুডাপেষ্ট হাংগেৰীৰ। (ফটো-এ পি)