আফগানিস্তানত ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ। মুহূৰ্তে ছিন্ন–ভিন্ন হ’ল ২৬ জন নিৰাপত্তাৰক্ষীৰ শৰীৰ। গুৰুতৰভাৱে আহত হয় আন ১৭জন। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। (ফটো – সংগৃহীত) দেওবাৰে পুৱা আফগানিস্তান আৰ্মীৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ। যদি প্ৰশাসনৰ সৈতে তালিবানৰ যুদ্ধ তাত নিত্য–নৈমিত্তিক ঘটনা, তথাপি এই আক্ৰমণক সমসাময়িক সময়ৰ আন আক্ৰমণৰ তুলনাত সৰ্বাধিক ঘৃণনীয় বুলি দাবী কৰিছে দেশখনৰ প্ৰশাসনে। (ফটো – সংগৃহীত) AFPৰ তথ্য অনুসৰি, এই আক্ৰমণত ২৬জন জোৱান শ্বহীদ হৈছে। আন ১৭জন জোৱান গুৰুতৰভাৱে আহতহয়। আহত আৰু নিহতসকল কৰ্তব্যত আছিল। (ফটো – সংগৃহীত) গজনী প্ৰভিন্সিয়েল কাউন্সিলৰ সদস্য নাছিৰ আহমেদ ফাকিৰিয়ে শ্বহীদ জোৱানসকলৰ সংখ্যা নিশ্চিত কৰিছে। এই ঘটনাৰ দায়িত্ব কোনেও এইপৰ্যন্ত স্বীকাৰ কৰা নাই (ফটো – সংগৃহীত) দেশখনৰ প্ৰশাসনে জনাইছেষ বিস্ফোৰক ভৰ্তি গাড়ীখন অঞ্চলটোত ৰখাই থৈ গৈছিল ঘাতকে। তাতেই বিস্ফোৰণ ঘটে গাড়ীখন। গাড়ীত কোনো লোক আছিল নে নাই সেয়া নিশ্চিত হোৱা নাই। (ফটো – সংগৃহীত)