পাকিস্তানৰ পূৰ্বৰ পেচ বলাৰ ছোয়াব আখতাৰ (Shoaib Akhtar)এ এক সাক্ষাৎকাৰত দাবী কৰে যে শ্ৰীলংকাৰ এজন মহান খেলুৱৈয়ে তেওঁক বাউন্সাৰ বল নিদিবলৈ অনুৰোধ কৰিছিল। তেওঁ কয় কৰে যে সেই খেলুৱৈগৰাকীয়ে আৰু কৈছিল তেওঁক যেন জীৱন্তে মাৰি নেপেলায়। সেই খেলুৱৈজন আন কোনো নহয়, টেষ্ট ক্ৰিকেটত ৮০০তকৈ অধিক উইকেট দখলকাৰী বলাৰ মুথিয়া মুৰুলীধৰণ (Muttiah Muralitharan) । আখতাৰে সাক্ষাৎকাৰটোত কয় যে তেওঁৰ মুথিয়া মুৰুলীধৰণকেই বল কৰিবলৈ আটাইতকৈ বেছি সমস্যা হৈছিল। ছোয়াব আখতাৰৰ এনে বক্তব্য শুনি অনুৰাগীসকল বেছ হায়ৰাণ হৈ পৰিছে । (ফটো-shoaib akhtar instagram)
ছোয়াব আখতাৰ বিশ্বৰ আটাইতকৈ বেগী বলাৰ হিচাপে খ্যাত। আখতাৰে ২০০৩ চনত ইংলেণ্ডৰ বিপক্ষে প্ৰতি ঘণ্টাত ১৬১.৩ কিঃমিঃ বেগত বল দি ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল। আখতাৰক যেতিয়া সোধা হৈছিল তেওঁৰ সেই ৰেকৰ্ড এতিয়াৰ কোনো বলাৰে ভাঙিব পাৰিব নে, তেতিয়া লগে লগে তেওঁ কয় যে কোনোৱেই সেই ৰেকৰ্ড ভাঙিব নোৱাৰে। (ফটো-shoaib akhtar instagram)