পৃথিৱীৰ আটাইতকৈ দীঘল ৰেল পথৰ যাত্ৰা দেখি আচৰিত হ'ব আপুনি, কিয়নো এই ৰেলপথত যাত্ৰা কৰিব লগা দীঘলীয়া যাত্ৰাটোৱে প্ৰায় অসম্ভৱ যাত্ৰাৰ ফালে আঙুলিয়াই দিয়ে। এই ৰেলেৰে যাওঁতে মুঠ ৮ বাৰ টাইম জ'ন সলনি কৰিব লাগিব, অৰ্থাৎ ঘড়ীয়ে মুঠ আঠবাৰ সময় সলনি কৰিব । এই ক্ষেত্ৰত, ৯,২৮৮কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগিব সাত দিনত। যদি আপুনি এই ৰেলখনত মুঠ ছয় ৰাতি আৰু সাত দিন অতিবাহিত কৰিব পাৰে, তেন্তে আপুনি গন্তব্য স্থানত উপনীত হ'ব পাৰে। ই বিশ্বৰ অন্যতম প্ৰসিদ্ধ গন্তব্যস্থান আৰু ইয়াক ট্ৰেন্স-চাইবেৰিয়ান ৰেলৱে বুলি জনা যায়, যি ৰাছিয়াত মস্কোৰ পৰা ৰাছিয়াৰ ৰাজধানী ভ্লাদিভষ্টকলৈ চাইবেৰিয়াৰ ইমূৰৰ পৰা আনটো মূৰলৈ যায়। এই যাত্ৰাত, বৰফৰে আবৃত এক বিশাল উপত্যকা, পৰ্বত, হ্ৰদ, পাইন অৰণ্য আছে। এই যাত্ৰাত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যও চাব পাৰি।