ৰাছিয়াৰ আক্ৰমণত একপ্ৰকাৰ বিধ্বস্ত ইউক্ৰেইন। সাত দিনৰ পৰা চলি থকা ধাৰাবাহিক আক্ৰমণত সহস্ৰাধিক লোকৰ প্ৰাণ যোৱাৰ উপৰি বহু লোক আহত হৈছে। আনহাতে, ইউক্ৰেইনত পৰি থকা ঠাণ্ডাই সমস্যা অধিক বৃদ্ধি কৰিছে। ইউক্ৰেইনত বৰ্তমান তাপমান শূন্যৰ পৰা ৩ ডিগ্ৰী ছেলচিয়াছৰ তলত। ইউক্ৰেইনৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি বৃহৎ সংখ্যক লোকে পলায়ন কৰিছে। পাঁচ লাখৰো অধিক লোকে ইউৰোপীয় সংঘৰ দেশ বা আন কোনো দেশৰ শৰণাপন্ন হৈছে।