দেখাত অতি সাধাৰণ, এইগৰাকী নাৰীৰ সম্পত্তিৰ ভাণ্ডাৰ ব্ৰিটেইনৰ ৰাণীতকৈও ওপৰত
স্বামী ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ ৰাজনীতিবিদ ঋষি শৌনকে জনাইছে, তেওঁৰ ধাৰণা নাই তেওঁৰ পত্নীৰ কিমান সম্পত্তি আছে। আৰু পত্নীৰ পৰিয়াল সূত্ৰে সম্পত্তি ব্ৰিটেইনৰ ৰাণীতকৈও বেছি হোৱাত বিপাঙত ঋষি শৌনক।


ঋষি শৌনক, ভাৰতীয় বংশোদ্ভৱ এই ব্যক্তিগৰাকীয়ে ব্ৰিটেইনত ৰাজনীতি কৰে আৰু লগতে exchequerৰ চেন্সেলৰ তেওঁ। অগাধ ধন–সম্পত্তিৰ অধিকাৰী তেওঁ। ব্ৰিটিছ সংবাদপত্ৰ গাৰ্ডিয়ান, ডেইলী মেইল সকলোতে তেওঁৰ স্বচ্ছতাক লৈ উঠিছে প্ৰশ্ন। কাৰণ তেওঁৰ পত্নী আকাস্থা মূৰ্তি যি পৰিমাণৰ অৰ্থৰ মালিক তাৰ পৰিমাণ ব্ৰিটেইনৰ ৰাণী কুইন এলিজাবেথৰ সম্পত্তিতকৈও বেছি। Photo- Collected


চেন্সেলৰৰ পত্নী আকাস্থা মূৰ্তি নিজৰ পাৰিবাৰিক ফাৰ্মৰ ৪৩০ মিলিয়ন পাউণ্ডৰ অধিকাৰী। এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হৈছিল ২০০৯ চনত। ষ্টেণ্ডফোৰ্ড বিশ্ববিদ্যালয়ত সাক্ষাৎ হৈছিল তেওঁলোকৰ। Photo- Collected


প্ৰাক্তন ষ্টেণ্ডাৰ্ড চেয়াৰমেন ছাৰ আলিষ্টাৰ গ্ৰাহামৰ দাবী, অগাধ ধন সম্পত্তিৰ মালিক হ’লেও সহজ–সৰলভাৱে জীৱন–যাপন কৰে তেওঁলোকে। বিগত মাহত তেওঁ নিজৰ সম্পত্তিৰ পৰিমাণ ঘোষণা কৰাৰ পিছতে এই চৰ্চা আৰম্ভ হৈছে। কাৰণ ঋষি শৌনকে জনাইছে যে তেওঁৰ ধাৰণা নাই তেওঁৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ কিমান? Photo- Collected


আচলতে আকাস্থা ব্ৰিটিছ ৰাণীতকৈও বেছি সম্পত্তিৰ মালিক। তেওঁ ভাৰতৰ অন্যতম ধনী বিলিয়নাৰ এন আৰ নাৰায়ণ মূৰ্তিৰ কন্যা। যি ভাৰতৰ আইটি ছেক্টৰৰ জনক। ভাৰতৰ সৰ্বকালীন শীৰ্ষৰ ১২ উদ্যোগপতিৰ ভিতৰত অন্যতম তেওঁ। তেওঁ ইনফ’ছিছৰ মালিক। Photo- Collected


দ্য ছানডে টাইমছত প্ৰকাশিত ব্ৰিটেইনৰ ধনীসকলৰ তালিকা অনুসৰি ব্ৰিটেইনৰ ৰাণীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৫০ মিলিয়ন ডলাৰ পাউণ্ড। আনহাতে, শৌনকে যিদৰে সম্পত্তিৰ পৰিমাণ ঘোষণা কৰিছে তাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হৈছে। তেওঁলোকৰ মন্ত্ৰিত্বৰ বাবে নিজৰ নিকটাত্মীয় অৰ্থাৎ ভাই–ভনী, পিতৃ–মাতৃ, পত্নী আৰু শহুৰ পৰিয়ালৰ সম্পত্তি আৰু কামৰো বিৱৰণ দিব লাগে, যাতে বিতৰ্কত সাঙোৰ নাখায় তেওঁলোক। Photo- Collected