ইংলেণ্ডত ৰিয়েলিটি টিভিৰ তাৰকাই অনলাইন ছপিং (Online Shopping) কৰাৰ পালে মজা, তেওঁ নিজৰ boy friendক উপহাৰ দিবলৈ এটা নতুন iPhone কিনিছিল, কিন্তু নতুন ফোনৰ বাকচটো ঘৰত গৈ যেতিয়া খুলিলে, তেওঁ আচৰিত হৈ পৰিল! (ফটো : Modina-Shokeye_official) ব্ৰেনট্ৰী এছেক্সৰ বাসিন্দা ২৫ বছৰীয়া মোডিনা শৌকী এগৰাকী বিখ্যাত ৰিয়েলিটি টিভি তাৰকা। নিজৰ প্ৰেমিকক উপহাৰ দিবলৈ অনলাইন শ্ৱপিং ছাইটৰ পৰা iphone অৰ্ডাৰ কৰিছিল। তাৰ বাবে তেওঁ ৯০ হাজাৰ টকা আদায় দিছিল। অৰ্ডাৰ কৰাৰ ৩ দিনৰ পাছত তেওঁ ডেলিভাৰী নোটিফিকেশ্ৱন পালে। শৌকীয়ে বাকচটো তেওঁ যেতিয়া খুলি চালে, তেওঁ হায়ৰাণ হৈ পৰিল। কাৰণ বাকচটোৰ ভিতৰত A-4 চাইজৰ এখিলা খালী কাগজহে আছিল। The Sunৰ লগত কথা পাতোতে শৌকীয়ে ক'লে-"মোৰ বিশ্ৱাসেই হোৱা নাছিল আৰু বৰ দুখ লাগিছিল। ইয়াৰ আগতে মোৰ কেতিয়াও এনেকুৱা হোৱা নাছিল। মই সম্পূৰ্ণভাৱে হতাশ হৈ পৰিছিলোঁ, মই নিজকে বেমাৰী যেন অনুভৱ কৰিছিলো"। ব্ৰেনট্ৰীৰ এজন অধিবক্তাই কয় যে-ঠগোৱাটো ধেমালিৰ কথা নহয়। এনেকুৱা বিষয়ে মানসিক কষ্ট দিয়াই নহয় ই আৰ্থিক সংকটৰো কাৰণ হ'ব পাৰে।