আফগানিস্তানত সংঘটিত এক বিধ্বংসী ভূমিকম্পত হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। আহত হৈছে প্ৰায় ডেৰ হাজাৰ লোক। আফগান স্পিনাৰ ৰছিদ খানে এনে এক বিপৰ্যয়জনক প্ৰাকৃতিক দুৰ্যোগত ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। আফগানিস্তানত তিনি হাজাৰৰো অধিক ঘৰ ভূমিকম্পত ধ্বংস হৈছে। আফগানিস্তান ইতিমধ্যে হাজাৰ হাজাৰ সমস্যাৰে জুৰুলা হৈ পৰিছিল। তাৰ ওপৰতে এই ভূমিকম্পই দেশখনক আৰু অধিক বিপদত পেলাইছে। এই কঠিন সময়ত আফগানিস্তানৰ কাষত থিয় দিবলৈ বিশ্ববাসীক আহ্বান জনাইছে আফগানৰ ক্ৰিকেটাৰ ৰছিদ খানে। আফগানিস্তানৰ বহু লোকে ভূমিকম্পত সকলো হেৰুৱাইছে। বহুতে আত্মীয় হেৰুৱাইছে। আৰ্থিক লোকচানৰ পৰিমাণো বহুত। আফগানিস্তানত যোৱা দুটা দশকত ইমান বিধ্বংসী ভূমিকম্প হোৱা নাই। এই ভূমিকম্পত এটি শিশুৱে নিজৰ ঘৰৰ সকলোকে হেৰুৱাই পেলাইছে। ৰছিদ খানে শ্বেয়াৰ কৰিলে কণমানিটিৰ ছবি। আফগান স্পিনাৰগৰাকীয়ে ছোৱালীজনীৰ কাষত থিয় দিবলৈ সকলোকে অনুৰোধ জনাইছে।