মাদক দ্ৰব্যৰ গোচৰত জেৰাৰ বাবে ৰেপিড একচন বেটেলিয়নে পৰীমণিক সাত দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে চাৰিদিনৰ জিম্মা মঞ্জুৰ কৰে। নিজৰ ঘৰত দেশ–বিদেশৰ সুৰাৰ বটল ৰখাৰ অভিযোগ পৰীৰ বিৰুদ্ধে। জনা গৈছে, ৱাইন, ভদকাসহ বিভিন্ন ধৰণর বিদেশী সুৰাৰ বটল পোৱা গৈছে পৰীমণিৰ ঘৰত। এলএছডিৰ পৰা আইচৰ দৰে সাংঘাতিক নিচাযুক্ত দ্ৰব্য সেৱনৰ সৰঞ্জামো পোৱা গৈছে। বুধবাৰে পুৱা অভিনেত্ৰীগৰাকীক আটক কৰে ৰেব ((Rapid Action Battalion)–এ। Photo Courtesy: Pori Moni/Facebook
বাংলাদেশৰ খুলনাৰ সাতক্ষীৰাত জন্মগ্ৰহণ পৰীৰ। সৰুতে হেৰুৱাইছে পিতৃ–মাতৃক। চৰকাৰী কলেজত বাংলাত অনাৰ্ছ লৈ পঢ়াৰ সময়তে ৰাজধানী ঢাকালৈ আহে পৰী। তাৰ পিছৰে পৰা আৰম্ভ হয় তেওঁৰ উত্থানৰ কাহিনী। বহুতৰে দাবী, ঢাকাত ভৰি ৰখাৰ পিছতে যিদৰে এখনৰ পিছত আনখন ছবিত সুযোগ পাইছিল সেইদৰে চহৰৰ অভিজাতসকলৰ সৈতে আৰম্ভ হয় তেওঁৰ উঠা–বহা। কিছুমাহ পূৰ্বে ঢাকা বোট ক্লাবত তেওঁক হত্যা আৰু ধৰ্ষণৰ চেষ্টাৰ অভিযোগত এজন ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ কৰিছিল পৰীমণিয়ে। দুই অভিযুক্ত নাছিৰ উদ্দিন মাহমুদ আৰু তুহিন ছিদ্দিকী ওৰফে অমিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নাছিৰ উদ্দিন এতিয়া জামিনত মুক্ত। Photo: Collected